কাজিৰঙাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। একেলগে গোলাঘাট জিলাৰ ৬গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিভাগটোৱে জাৰি কৰিছে নিলম্বনৰ নিৰ্দেশ। এই ঘটনাই ৰাজ্যৰ পৰিবহণ বিভাগত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
কাজিৰঙাৰ দুৰ্ঘটনাই যেন জোকাৰি গৈছে পৰিবহণ বিভাগক। দুৰ্ঘটনাৰ পিছতে বিভাগটোৱে গ্ৰহণ কৰিছে কঠোৰ প্ৰশাসনিক পদক্ষেপ। গোলাঘাট জিলাৰ এনফ’ৰ্চমেন্ট শাখাৰ ৬গৰাকী বিষয়াক একেলগে নিলম্বন কৰা হৈছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে।
নিলম্বিত বিষয়াকেইগৰাকীৰ ভিতৰত আছে ৪গৰাকী এনফ’ৰ্চমেন্ট চেকাৰ আৰু ২গৰাকী এছিছটেন্ট এনফ’ৰ্চমেন্ট ইন্সপেক্টৰ।
নিলম্বিত এনফ’ৰ্চমেন্ট চেকাৰকেইগৰাকী হৈছে টুটু দত্ত, দুষ্যন্ত মাধৱ বৰুৱা, বিশ্বজ্যোতি সন্দিকৈ আৰু সুদীপ্ত অনুৰাগ বৰা। আনহাতে, নিলম্বিত এছিছটেন্ট এনফ’ৰ্চমেন্ট ইন্সপেক্টৰ দুগৰাকী হৈছে ৰাজীৱ চন্দ্ৰ গগৈ আৰু ক্ষীৰোদ নেওগ।
কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছতে পৰিবহণ বিভাগে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। একেলগে ৬গৰাকী বিষয়াক নিলম্বন কৰাৰ ঘটনাই বিভাগটোৰ এনফ’ৰ্চমেন্ট ব্যৱস্থাৰ ওপৰত নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।
পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিবহণ বিভাগৰ দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছতে বিভাগটোৱে গ্ৰহণ কৰা এই তাৎক্ষণিক পদক্ষেপক এক কঠোৰ প্ৰশাসনিক সিদ্ধান্ত হিচাপে বিবেচনা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















