অসমৰ সংগীত জগতৰ বাবে এক গৌৰৱৰ খবৰ। অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি লণ্ডনৰ বিশ্ববিখ্যাত মাদাম টুচ্যো সংগ্ৰহালয়ত স্থাপন কৰাৰ দাবী উত্থাপন হৈছে। বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিত্বৰ ম’মৰ প্ৰতিমূৰ্তি সংৰক্ষণ কৰি ৰখা এই সংগ্ৰহালয়ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হ’লে সেয়া অসমবাসীৰ বাবে এক ঐতিহাসিক সন্মান হিচাপে বিবেচিত হ’ব।
এই দাবীক অধিক জনপ্ৰিয় কৰি তুলিবলৈ অসমৰ ৰাইজক সামাজিক মাধ্যমত বিশেষ হেশ্বটেগ ব্যৱহাৰ কৰি সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনোৱা হৈছে।
মাইকেল জেকচন, মহাত্মা গান্ধীৰ সৈতে স্থান পাব জুবিনে?
বিশ্ববিখ্যাত মাদাম টুচ্যো সংগ্ৰহালয়ত বহু প্ৰখ্যাত ব্যক্তি, ৰাজনৈতিক নেতা, শিল্পী আৰু বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰ ম’মৰ প্ৰতিমূৰ্তি আছে। মাইকেল জেকচন, মহাত্মা গান্ধীৰ দৰে বিশ্ববিশ্ৰুত ব্যক্তিত্বৰ সৈতে একেখন সংগ্ৰহালয়ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবীয়ে অসমবাসীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।
জুবিন গাৰ্গ কেৱল অসমৰ এগৰাকী গায়কেই নহয়, তেওঁ অসমীয়া সংগীত, সংস্কৃতি আৰু আৱেগৰ এক শক্তিশালী প্ৰতীক। তেওঁৰ গীত আৰু সৃষ্টিয়ে অসমৰ সীমা অতিক্ৰম কৰি দেশ-বিদেশৰ বহু সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছে। সেয়েহে বিশ্বৰ অন্যতম বিখ্যাত মোমৰ সংগ্ৰহালয়ত তেওঁৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী উত্থাপন হোৱাটো অনুৰাগীসকলৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে।
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি মাদাম তুছো সংগ্ৰহালয়ত স্থাপনৰ দাবীক জনসমৰ্থন প্ৰদানৰ বাবে অসমৰ ৰাইজক সামাজিক মাধ্যমত #ZubeenGargStatueInMadameTussauds হেশ্বটেগ লিখিবলৈ আহ্বান জনোৱা হৈছে। এই হেশ্বটেগৰ জৰিয়তে জুবিন গাৰ্গৰ অনুৰাগীসকলে নিজৰ সমৰ্থন প্ৰকাশ কৰাৰ লগতে বিশ্বৰ আগত অসমৰ শিল্পীগৰাকীৰ অৱদান আৰু জনপ্ৰিয়তা তুলি ধৰিব পাৰিব বুলি আশা কৰা হৈছে।
এই সন্দৰ্ভত জুবিনৰ বন্ধু মানস ৰবীনে কয়, ‘জুবিন দাৰ মমৰ মূৰ্তি লণ্ডনৰ Madame Tussauds মিউজিয়ামত প্ৰতিষ্ঠাৰ এটা পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে এটা নতুন HASHTAG #zubeengargstatueinmadametussauds আৰম্ভ কৰিব লাগিব। HASHTAG টো ১ মিলিয়ন সম্পূৰ্ণ হ’লেই জুবিন গাৰ্গৰ এটা মূৰ্তি লণ্ডনৰ মাডাম টুচ্যো মিউজিয়ামত প্ৰতিষ্ঠাৰ বাবে বিবেচনা কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















