৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন
বলীউডৰ ছুপাৰষ্টাৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে ২০২৫ চনত অনুৰাগীক দিছে সীতাৰে জমীন পৰ নামৰ এখন সুন্দৰ ছবি। লগতে আহিবলগীয়া আন এখন ছবিৰ বিষয়ে জানিবলৈ দিছে। ৰজনীকান্তৰ ছবি কুলি ২ৰ পৰা আমিৰ খানৰ লুক প্ৰকাশ পাইছে। ৬০ বছৰ বয়সতো অভিনয়ত অতি সক্ৰিয় হৈ আছে আমিৰ খান।
পাছে ৬০ বছৰীয়া আমিৰ খানে কোনখন ছবিৰে কেৰিয়াৰ আৰম্ভ কৰিছিল জানেনে?বহুতেই এই ক্ষেত্ৰত কয়, জুহি চাওলাৰ সৈতে- কায়ামত ছে কায়ামত টক। কিন্তু এয়া ভুল। কিছুমানে কয়- য়াদো কি বাৰাত। কিন্তু সেই সময়ছোৱাত অভিনেতাজনে শিশু শিল্পী হিচাপে কাম কৰিছিল।
আমিৰৰ প্ৰথমখন ছবি আছিল হোলী যিখন ১৯৮৪ চনত মুক্তি পাইছিল। এই একেখন ছবিতে আমিৰৰ লগতে কেৰিয়াৰ আৰম্ভ কৰিছিল জ্যেষ্ঠ অভিনেতা পৰেশ ৰাৱালেও।
বৰ্তমানে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ বয়স ৬০ বছৰ আৰু প্ৰবীণ অভিনেতা পৰেশ ৰাৱালৰ বয়স ৭০ বছৰ। দুয়োৰে বয়সৰ ১০ বছৰৰ পাৰ্থক্য, কিন্তু দুয়োজন অভিনেতাই একেলগে কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৮৪ চনত মুক্তি পোৱা এই ছবিখনৰ নাম আছিল হোলী। সেই সময়ত আমিৰ খানৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। আৰু পৰেশ ৰাৱালেও ২৯ বছৰ বয়সত আত্মপ্ৰকাশ কৰিছিল। চিনেমাখনৰ পৰিচালনা কেতন মেহতাই কৰাৰ বিপৰীতে ইয়াৰ কাহিনী লিখিছিল মহেশ এলকুঞ্চৱাৰে। এই ছবিখন আছিল ছাত্ৰ ৰাজনীতিৰ ওপৰত। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল নাছিৰুদ্দিন শ্বাহ।
ছবিখনৰ তাৰকা অভিনেতা অতিশয় শক্তিশালী আছিল। আমিৰ খান আৰু পৰেশ ৰাৱালে ইয়াত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও দীপ্তি নভাল, আশুতোষ গোৱাৰিকাৰ, নাছিৰুদ্দিন শ্বাহ, শ্ৰীৰাম লাগো, ওম পুৰী, আমোল গুপ্তে, দীনা পাঠক, দীপৰ কাজিৰৰ দৰে তাৰকা। ইয়াৰ সংগীত দিছিল ৰজত ঢোলাকিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















