বাগদানৰ মাত্ৰ ৫মাহ পাছতেই বিয়া ভাঙিল বিগ বছ-১৬ৰ প্ৰতিযোগী তথা ছচিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ আব্দু ৰোজিকৰ৷ ডুবাইবাসী বাগদত্তা আমিৰাৰ সৈতে তেওঁৰ সংস্কৃতিৰো যথেষ্ট পাৰ্থক্য আছিল সেইবাবেই বিয়া ভাঙিছে দুয়োৰে৷ ২০২৪ৰ ২৪ এপ্ৰিলত বাগদান কৰিছিল আমিৰা আৰু ৰোজিকে৷ শাৰজাহত সম্পন্ন হৈছিল এই বাগদানৰ অনুষ্ঠান৷
বাগদানৰ পাছতেই তেওঁলোকে জুলাই মাহতেই বিয়াৰ আয়োজনো কৰিছিল৷ কিন্তু আব্দুৱে এক বক্সিং মেচক অগ্ৰাধিকাৰ দিয়াৰ পিছতেই বিয়া পিছুৱাই দিয়া হয়৷ প্ৰেমিকা আমিৰাক এক হীৰাৰ আঙঠি পিন্ধাই বাগদান কৰিছিল৷ ৰোজিকৰ এই বাগদানক লৈ সামাজিক মাধ্যমত চৰ্চাও চলিছিল৷ ৰোজিত এজন সংগীতশিল্পীও৷ শেহতীয়াকৈ বিয়া ভঙাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আব্দুৱে৷
সংবাদমাধ্যমৰ সন্মুখত দুখেৰে আব্দুৱে জনাইছে বিয়া ভঙাৰ কাৰণ৷ আব্দুৱে কৈছে যে, দুয়োৰে সংস্কৃতিৰ যথেষ্ট পাৰ্থক্য আছে৷ বাগদানৰ পাছৰ সময়খিনিত তেওঁলোকে এই কথা অনুভৱ কৰিছে৷ লগতে আব্দুৰ উচ্চতা কম হোৱাৰ বাবে নানান গঞ্জনা সহ্য কৰিব লগা হৈছিল আমিৰাই৷ তাৰপিছতো নিজৰ শাৰীৰিক গঠনক লৈ কোনো ক্ষোভ নাই বুলি জনাইছে আব্দুৱে৷ নিজক তেওঁ ভালপায়, জীৱনলৈ আকৌ ভালপোৱা আহিব বুলিও আশাবাদী কাজাখাস্তানি এইগৰাকী গায়ক৷ অৱশ্যে দীৰ্ঘদিন ভাৰততেই আছে আব্দু৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















