অসম লাইভ২৪ঃ বলীউডত আন এক প্ৰেমৰ গুঞ্জৰ উঠিছে। বলীউড অভিনেতা আদিত্য ৰায় কাপুৰ আৰু অভিনেত্ৰী অনন্যা পাণ্ডেৰ প্ৰেমৰ গুঞ্জৰ এতিয়া চৌদিশে। দীৰ্ঘদিন ধৰি বলীউডত তেওঁলোকৰ প্ৰেমৰ গুজৱ চলি আছে। এই জল্পনাক সঁচা প্ৰমাণিত কৰাত সহায় কৰিছে অনন্যা আদিত্যৰ কিছু কৰ্মকাণ্ডই। দেশৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীশ মলহোত্ৰাৰ এটা ফেশ্বন শ্ব’ত আদিত্য আৰু অনন্যাই শেহতীয়াকৈ ভাগ ল’বলৈ গৈছিল। তাতেই তেওঁলোকৰ প্ৰেমৰ ৰাসায়ন ধৰা পেলাইছিল একাংশ সংবাদমাধ্যমে।
এই শ্ব’ৰ পাছত আকৌ বিদেশৰ মাটিত দেখা গৈছিল দুয়োকে। স্পেইন, পৰ্তুগালত দুয়োকে একেলগে দেখা গৈছে। অনুৰাগী আৰু বিভিন্ন বিদেশী সংবাদমাধ্যমতো দুয়ো একেলগে থকাৰ ভিডিঅ’ ভাইৰেল হৈছে। কিন্তু এই সম্পৰ্কক লৈ দুয়োৱে কোনোধৰণৰ মন্তব্য কৰা নাই। প্ৰায় এসপ্তাহ পূৰ্বে অনন্যা আৰু আদিত্যক মুম্বাইৰ বিমান বন্দৰত একেলগে দেখা গৈছিল। দুয়োকে বিমান বন্দৰত একেলগে দেখাৰ পাছতেই চৰ্চা হৈছিল ক’লৈ যাত্ৰা কৰিছে প্ৰেমিক যুগল।
আদিত্য-অনন্যাই নক’লেও নেটিজেনে তেওঁলোকৰ গন্তব্যস্থান বিচাৰি ওলিয়াইছে। আদিত্য-অনন্যা গোৱালৈ যাত্ৰা কৰিছে। সামাজিক মাধ্যমত গোৱাত প্ৰমোদবিহাৰত ব্যস্ত থকাৰ ভিডিঅ’ পোষ্ট কৰিছে দুয়োৱে। এই ভিডিঅ’ দেখা মাত্ৰকেই এতিয়া বহুতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাতো সত্য বুলি দাবী কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ