হিন্দু ধৰ্মত ধনতেৰাছৰ বিশেষ গুৰুত্ব আছে৷ কথিত আছে যে এই বিশেষ দিনটোত সমুদ্ৰ মন্থনৰ সময়ত ভগবান ধন্বন্তৰি অমৃতৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল৷ সেয়ে ধন্বন্তৰি দেৱতাক এই বিশেষ দিনটোত পূজা কৰা হয়৷ আগন্তুক ২৯ অক্টোবৰ ধনতেৰাছ৷ ১০০ বছৰ পাছত এইবাৰ ধনতেৰাছ বিশেষ হ’ব৷ ঘটিব দুটাকৈ বিৰল ঘটনা৷ এই ধনতেৰাছৰ দিনা ত্ৰিগ্ৰহী যোগ, পুষ্কৰ যোগ, ইন্দ্ৰ যোগ, বৈদ্যুতি যোগ, উত্তৰা ফাল্গুনী নক্ষত্ৰৰ দুটা শুভ যোগ তৈয়াৰ হৈছে৷ যাৰ শুভ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত৷ বছৰৰ শেষত কাৰ কাৰ কপালত আছে ধন সুখ?
কৰ্কট ৰাশি
পাঁচ বিৰল যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে লাভজনক হ’ব৷ শীঘ্ৰেই অপ্ৰত্যাশিত আৰ্থিক সুবিধা পাব পাৰে৷ আনকি নিশাৰ ভিতৰতেই অৰ্থপ্ৰাপ্তি হোৱাৰো যোগ আছে৷ যি কোনো কামত পৰিয়ালৰ সমৰ্থন পাব৷ পৰিয়ালৰ সকলোৰে সৈতে মিলিতভাৱে আনন্দৰ পৰিবেশ থাকিব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে৷ চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে৷
তুলা ৰাশি
পাঁচটা বিৰল সংমিশ্ৰণৰ ফলত ধনতেৰাছৰ সময়ত তুলা ৰাশিৰ জাতকৰ বাবে শুভ৷ ব্যৱসায়ীসকলে নতুনকৈ বিনিয়োগ কৰিব পাৰে৷ আহিব পাৰে প্ৰত্যাশিত লাভ৷ মাটি, সম্পত্তি সংক্ৰান্তিয় গোচৰৰ নিষ্পত্তিৰ সম্ভাৱনা আছে৷ কৰ্মস্থলত নতুন দায়িত্ব পাব পাৰে৷ সমাজত বাঢ়িব মান সন্মান৷
ধনু ৰাশি
ধনতেৰাছৰ সময়ত সুদিন আহিছে ধনু ৰাশিৰ জাতকৰ৷ বাঢ়িব আয়ৰ ৰাস্তা, কমিব ব্যয়৷ ফলত সঞ্চয়ৰ পথ প্ৰশস্ত হ’ব৷ ইয়াৰোপৰি আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ দেশ বিদেশত ফুৰিবলৈ যোৱাৰ সুযোগ আহিব পাৰে৷ সংসাৰৰ আৰ্থিক সমস্যা দূৰ হ’ব৷ নতুন চাকৰি পোৱাৰ সুযোগ আছে৷ পৰিয়ালত শান্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ