বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য হৈছে আমাজন৷ ইয়াৰ সৈতে জড়িত হৈ আছে দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দনী আমাজনৰ নামো৷ বিশ্বৰ সকলোতকৈ ডাঙৰ অববাহিকা আছে এই নদীত৷ এইবাৰ আমাজনৰ এক গুৰুত্বপূৰ্ণ উপনদীক লৈ উদ্বেগৰ কথা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে৷ ব্ৰাজিলৰ ভূতত্ত্ব বিভাগে জনাইছে যে আমাজনৰ অন্যতম উপনদী নেগ্ৰোৰ জলস্তৰ কমি গৈছে৷ প্ৰৱল খৰাঙৰ কবলত পৰিছে এই নদী৷ যাৰ প্ৰভাৱ পৰিছে আমাজন বৰ্ষাৰণ্যতো৷
কিমান কমিছে জলস্তৰ?
বিগত শুকুৰবাৰে পোৰ্ট অফ মানাউছত নেগ্ৰো নদীৰ জলস্তৰ নামিছে ১২.৬৬ মিটাৰ পৰ্যন্ত৷ সাধাৰণভাৱে এই স্তৰ থাকে ২১ মিটাৰ৷ ১২২ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নেগ্ৰো নদীৰ জলস্তৰ ইমান নামি গৈছে৷ ইয়াৰ পূৰ্বে সৰ্বনিম্ন যি জলস্তৰ নামিছিল সেয়া আছিল বিগত বৰ্ষত৷ তেতিয়াই চিন্তাত পৰিছিল বিজ্ঞানী৷ কিন্তু এইবাৰ আৰু কমিল জলস্তৰ৷ কিন্তু সেই সময় আছিল অক্টোবৰৰ শেষত৷
ব্ৰাজিলৰ ভূতত্ত্ব বিভাগৰ মতে, নেগ্ৰো নদী অববাহিকাৰ উপৰিভাগত বৰষুণ কম হোৱাৰ পূৰ্বাভাস আছে৷ যাৰ ফলত আগন্তুক সেই সপ্তাহ এই নদীৰ জলস্তৰ আৰু কমিব বুলি পূৰ্বেই জনাই দিয়া হৈছে৷ সেই বিভাগৰ জলবিজ্ঞানী আন্দ্ৰে মাৰ্টিনেল্লিৰ তৰফৰ পৰা জনোৱা হৈছে যে চলিত মাহৰ শেষ পৰ্যন্ত এই নেগ্ৰো নদীৰ জলস্তৰ আৰু নামিব৷
বৰ্ষা আৰু খৰাঙৰ সময়ত আমাজন অববাহিকাৰ জলস্তৰ উঠানমা কৰে৷ কিন্তু এই বছৰত কেৱল নেগ্ৰোৱেই নহয় আমাজনৰ প্ৰায় সকলো উপনদীৰ অৱস্থা তথৈবচ৷ এই তালিকাত আছে আমাজনৰ সকলোতকৈ দীৰ্ঘ উপনদী মাদেইৰাও৷
নেগ্ৰোৰ খুটিনাটি
আমাজন অববাহিকাৰ প্ৰায় ১০শতাংশ পানী বৈ যায় নেগ্ৰো নদীৰে৷ পানীৰ পৰিমাণ চালে দেখা যায় যে নেগ্ৰো বিশ্বৰ ষষ্ঠ বৃহত্তম নদী৷ মানাউছ চহৰৰ ওচৰত আমাজনলৈ আহি মিলিছে এই নেগ্ৰো নদী৷ এই নদীৰ ওপৰত ভৰসা কৰিয়েই আছে গুজৰাণৰ বহু মানুহ৷ ফলত নেগ্ৰো শুকাই যোৱা দেখি হতাশাত ভূগিছে বহু লোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ