অমিতাভ বচ্চনৰ এক জীয়া অভিজ্ঞতা। যি অভিজ্ঞতাই অমিতাভক শিকাইছিল জীৱনবোধ কি? সফলতাৰ তুংগত থাকিলেও কিয় অহংকাৰক আপোন কৰিব নাপায়। অমিতাভে তেওঁৰ জীৱনীত উল্লেখ কৰিছে-
‘মোৰ কেৰিয়াৰ তেতিয়া তুংগত। এদিন প্লেনেৰে যাত্ৰা কৰি আছিলো। খুব সাধাৰণ চাৰ্ট আৰু পেণ্ট পৰিহিত এজন ভদ্ৰলোক মোৰ কাষৰ ছীটত যাত্ৰা কৰিছিল। তেওঁলৈ মই চাইছিলো। দেখাত তেওঁক এজন শিক্ষিত মাৰ্জিত, মধ্যবিত্ত মানুহ যেন লাগিছিল। অন্য সহযাত্ৰীয়ে মোক চিনি পায় খুব উৎসাহেৰে কাষ চাপি আহি অটগ্ৰাফ লৈছিল। কিন্তু কাষত বহি থকা ভদ্ৰলোকজনক লক্ষ্য কৰিলো, তেওঁৰ মোৰ ফালে কোনো ভ্ৰক্ষেপেই নাই।
এখন খবৰ কাগজ হাতত লৈ আগ্ৰহেৰে ব্যক্তিজনে পঢ়ি আছিল। মাজে মাজে খবৰ কাগজৰ পৰা মূৰ তুলি খিৰিকিৰে বাহিৰলৈ চাই। আকৌ কাগজখন লুটিয়াই। ক্ৰু মেম্বাৰে চাহ দিয়ে, চাহৰ কাপ হাতত তুলি লৈ তেওঁ খুব সৌহাদ্যপূৰ্ণভাৱে ধন্যবাদ দিয়ে। ক্ৰু মেম্বাৰে কিবা লাগিব নেকি সুধিলে নালাগে বুলি কৈয়ো ধন্যবাদ দিয়ে। মুঠতে তেওঁৰ ওঁঠতেই থেংকছ শব্দটো লাগি থাকে। মোক অৱশ্যে গোটেই যাত্ৰাত তেওঁ এবাৰো গুৰুত্ব দিয়া নাই। মইহে তেওঁৰ কাৰুকাৰ্যক গুৰুত্ব দি গৈছো। মাজে মাজে ভাৱিছো সঁচায়ে তেওঁ হিৰ’ অমিতাভক চিনি পোৱা নাই নেকি?
মানুহজনৰ এই আঁচৰণ দেখিয়েই মোৰ কৌতুহল বাঢ়ি আছিল। তেওঁৰ সৈতে কথা পাতিবলৈ আগ্ৰহীও হৈ উঠিছিলো। মই নিজেই তেওঁৰ ফালে চাই এবাৰ হাঁহি মাৰিলো। তেওঁৱো মোৰ হাঁহিৰ প্ৰত্তুত্ত্যৰত হাঁহি এটা মাৰি মোক ক’লে, ‘হেল্লো…’ তেওঁৰ হেল্লো শুনি মই নিজেই কথা বতৰা আৰম্ভ কৰিলো। মই নিজেই চিনেমাৰ প্ৰসংগ উত্থাপন কৰিলো। তেওঁক সুধিলো, ‘আপুনি চিনেমা চাইনে?’
তেওঁ কয়, কেতিয়াবা কেতিয়াবা। লগে লগে মই তেওঁক সুধিলো, শেষ কোনখন চিনেমা চাইছিল আপুনি? তেওঁ ক’লে, অহ হিন্দী চিনেমা এখন চাইছিলো। এবছৰ বেছি হ’ল। মই লগে লগে উৎসাহী হৈ ক’লো, সেই ফিল্ম ইণ্ডাষ্ট্ৰীত ময়ো কাম কৰো। তেওঁ মোৰ উৎসাহ দেখি উৎসাহিত হৈ ক’লে, অহ ভাল কথা। কিন্তু কি কৰে আপুনি?
মই লগে লগে উত্তৰ দিলো, ‘মই এজন অভিনেতা।’ উত্তৰত তেওঁ ক’লে ভাল কথা। মই তেওঁৰ এই ভাল কথা বুলি প্ৰত্তুত্ত্যৰতো শুনি মনে মনে ভাৱিলো, কি মানুহ এইটো! প্লেন লেণ্ড কৰাৰ সময়ত মই ভদ্ৰলোক বুলি নিজকে পৰিচয় দিবলৈকে কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই ক’লো, মোৰ নাম অমিতাভ বচ্চন’। তেঁও মোৰ নাম শুনি মূৰটো অকণমান তললৈ নমাই কৰমৰ্দন কৰি ক’লে, ‘আপোনাৰ সৈতে পৰিচিত হৈ ভাল লাগিল। মোৰ নাম জে আৰ ডি টাটা(Jehangir Ratanji Dadabhoy Tata, chairman of TATA Group).’ নাম শুনি মোৰ মূৰটো আচন্দ্ৰাই কৰিলে।
সেই দিনৰ ঘটনাৰ পৰা মই এটা কথাই শিকিলো, যিমানেই ডাঙৰ নহওক কিয় নিজতকৈয়ো ডাঙৰ কোনোবা আছে। ডাঙৰ হ’লেও দৃষ্টি সদায় মাটিৰ দিশতেই ৰাখিব লাগে। গছ যিমানেই ডাঙৰ নহওক কিয় সি মাটিৰ ফালেই হাউলি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ