পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত
মাদাৰ ডেইৰীৰ পিছত আমুল ডেইৰীয়েও গাখীৰৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰে। আজি বৃহস্পতিবাৰ ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত মূল্য। আমুলে ঘোষণা কৰে যে ১ মে’ৰ পুৱাৰে পৰা কাৰ্যকৰী হ’ব পৰাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰিছে। এই মূল্য বৃদ্ধি বিভিন্ন আমুল গাখীৰৰ ভিন্নতাত প্ৰযোজ্য হ’ব।
বৰ্ধিত মূল্যৰ প্ৰভাৱ পৰিব আমুল ষ্টেণ্ডাৰ্ড মিল্ক, গোল্ড, স্লিম এণ্ড ট্ৰিম, টি-স্পেচিয়েল, তাজা আৰু ক’ মিল্ক আদি প্ৰধান সামগ্ৰী। পূৰ্বে ৫০০ মিলিলিটাৰত ৩৬ টকাত পোৱা ফুল ক্ৰীম গাখীৰ এতিয়া ৩৭ টকাত উপলব্ধ হ’ব। যদি ১ লিটাৰ গাখীৰ ক্ৰয় কৰা হয় তেন্তে ৭১ টকাৰ পৰিৱৰ্তে ৭৩ টকাত উপলব্ধ হ’ব।
মাদাৰ ডেইৰীয়েও একেধৰণৰ মূল্যবৃদ্ধিৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ চনৰ ৩০ এপ্ৰিল বুধবাৰৰ পৰা প্ৰতি লিটাৰত ২ টকা পৰ্যন্ত গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল মাদাৰ ডেইৰীয়ে। কেঁচামালৰ বৰ্ধিত ব্যয়ৰ আংশিক ক্ষতিপূৰণ দিবলৈ মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















