ডিজিটেল ডেস্কঃ লক্ষীমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আনন্দ মিশ্ৰই অব্যাহতি বিচাৰিছে চাকৰি জীৱনৰ পৰা। এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ বিভাগ আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে লক্ষীমপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। ২০১১ৰ অসম-মেঘালয় বেটছৰ আই পি এছ গৰাকীয়ে সম্পূৰ্ণ ব্যক্তিগত কাৰনত চাকৰি জীৱনৰ পৰা অব্যাহতি বিচাৰিছে।
নিজৰ চাকৰি জীৱনত যথেষ্ট সামাজিক কামৰ সৈতে জড়িত হবলৈ পাই সুখী বুলি উল্লেখ কৰি মিশ্ৰই অচিৰেই এই অব্যাহতি পত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, নগাঁৱৰ পিছতে লখিমপুৰত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল মিশ্ৰই।
আনন্দ মিশ্ৰৰ সেই পত্ৰখন চাওকঃ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ