দীপাৱলিৰ দিনা অনিয়ন বোমা ক্ৰয় কৰি ঘৰলৈ আহি আছিল এজন যুৱক৷ হেঁপাহ আছিল পৰিয়ালৰ সৈতে দীপাৱলি উদযাপন কৰিব৷ কিন্তু ঘৰলৈ আহি নাপালেহি যুৱকজন৷ অন্ধ্ৰপ্ৰদেশত এই ঘটনা৷ মটৰচাইকেলেৰে আহি থকাৰ সময়তে হঠাৎ বেগত লৈ অহা বোমাকেইটা ফাটি যায়৷ জনা গৈছে যে দীপাৱলি উদযাপনৰ বাবে সুধকৰ নামৰ অন্ধ্ৰপ্ৰদেশৰ এৰলু জিলাৰ যুৱকজনে ক্ৰয় কৰিছিল অনিয়ন বম্ব৷ সেই বমেই হঠাৎ ব্লাষ্ট হয়৷
অন্ধ্ৰপ্ৰদেশৰ সেই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ তাতেই দেখা গৈছে সুধাকৰ নামৰ এই ব্যক্তিয়ে তেওঁ এজন বন্ধুৰ বাইকত ঘৰলৈ আহিছিল৷ আহি থাকোতেই হঠাৎ বিস্ফোৰণ ঘটে৷ ধোঁৱাময় হৈ উঠে চৌদিশ৷ বাইকৰ পিছত পহি থকা বন্ধু আৰু ৰাস্তাত থকা অইন ৬জন লোক এই ঘটনাত আহত হৈছে৷ বৰ্তমান সকলোবোৰ হাস্পতালত ভৰ্তি হৈ আছে৷ ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত৷ যিগৰাকী ব্যক্তিয়ে বাইকখন চলাই আছিল অৰ্থাৎ সুধাকৰ এই ঘটনাত থিতাতে নিহত হৈছে৷ এই ঘটনাত দুখন বাহনো ক্ষতিগ্ৰস্থ হৈছে৷
এইবাৰ দীপাৱলিত মাৰ্কেটলৈ অহা পিঁয়াজ বোমা কি?
এই বোমাৰ আকৃতি পিঁয়াজৰ দৰে৷ যি ফাটিলে তীব্ৰ শব্দ হয়৷ সৰু ডিনামাইটৰ দৰে শব্দ আৰু বিস্ফোৰণ ঘটোৱাৰ ক্ষমতা আছে এই বোমাৰ৷ LED লাইটৰ দৰে পোহৰ উৎপন্ন কৰে এই অনিয়ন বোমাই৷ শব্দ আৰু পোহৰৰ তীব্ৰতাৰ কাৰণেই এইবাৰৰ দীপাৱলিত এই পিঁয়াজ বোমাৰ চাহিদা তুংগত উঠিছে৷
অৱশ্যে বিশেষজ্ঞসকলে এই শব্দবাজি ব্যৱহাৰক লৈ সতৰ্ক কৰিছে৷ এই বিস্ফোৰণত জীৱকুলৰ আশংকা কৰিয়েই এয়া নিষিদ্ধ হ’ব লাগে বুলিও দাবী কৰিছে৷ মানুহ মৰাৰো ক্ষমতা আছে এই বোমাৰ৷ ফলত এয়া ব্যৱহাৰ কৰা বিপজ্জনক বুলিও উল্লেখ কৰা হৈছিল৷
এই অনিয়ন বোমা ব্ৰিটেইনৰ সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰে৷ সাধাৰণ মানুহে ক্ৰয় কৰাত নিষেধাজ্ঞা জাৰি কৰা আছে ব্ৰিটেইনত৷ সেই ভয়ংকৰ বোমাই এইবাৰ দীপাৱলিত বিক্ৰী কৰা হৈছে ভাৰতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ