২০২১ চনত মধ্যপ্ৰদেশৰ ব্যৱসায়ীক বিয়া কৰাইছে অংকিতা লোখাণ্ডেই৷ তাৰপিছৰে পৰাই নিয়মিত টেলিভিছনৰ পৰ্দাত দেখা গৈছে অংকিতাৰ স্বামী ভিকি জৈনকো৷ বিগত বছৰ বিগ বছত যোগ দিছিল অংকিতা আৰু তেওঁৰ স্বামীয়ে৷ ফলত নিজৰ এক পৃথক পৰিচয়ো লাভ কৰিবলৈ সক্ষম হৈছে দুয়োৱে৷ অংকিতাৰ বিবাহৰ পাছৰে পৰাই আনকি বিগ বছৰ ঘৰত থকাৰ সময়তো বাৰে বাৰে শুনা গৈছিল তেওঁ অন্তঃসত্ত্বা হোৱাৰ খবৰ৷ এইবাৰ সেই মিথ সঁচা হোৱাৰ পথত৷ সঁচাকৈয়ে মাতৃ হবলৈ ওলাইছে অংকিতা লোখাণ্ডে৷ নিজ মুখে সেই কথা তেওঁ স্বীকাৰো কৰিছে৷
টিভিৰ এক ৰিয়েলিটি শ্বত দেখা গৈছে অংকিতাক৷ তাতেই অভিনেত্ৰীগৰাকীৰ ওপৰিও আছে ক্ৰুষ্ণা অভিষেকো৷ শ্বৰ মাজতে অংকিতাক ৰসিকতা কৰি খেদি নিওঁতেই অংকিতাই কয়, ‘মই দৌৰিব নোৱাৰিম মই অন্তঃসত্বা৷’
এই কথা শুনি সকলোৱে খন্তেক সময় চমকি উঠে৷ অভিনেত্ৰীৰ পৰা এই কথা অৱশ্যেই এবাৰেই শুনা গৈছে৷ বিগ বছৰ ঘৰতো মাতৃ হোৱাৰ সম্ভাৱনা থকাৰ কথা জনাইছিল অংকিতাই৷ আকৌ এবাৰ তেনে এক তথ্য নিজমুখে প্ৰকাশ কৰা শুনি হতচকিত হৈ পৰিছে বহুজনেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















