অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ বাবে ৰাজধানী দিল্লীত দিয়া হৈছে লকডাউন। এই লকডাউন সোমবাৰে পুৱা ৫ বজাৰ পৰা ৩ মে’লৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লকডাউনৰ ঘো
ষণা কৰি কয় যে দিল্লীৰ অনেক হাস্পতালত এতিয়াও নাটনি অক্সিজেনৰ। এতিয়াও ৰাজধানী দিল্লীত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে। আনহাতে অ
ক্সিজেনৰ অভাৱত মৃত্যু হৈছে অনেকৰ। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত আক্ৰান্তৰ সংখ্যা ১০ লাখ অতিক্ৰম কৰিছে। এতিয়াও ৯৩ হাজাৰ জন লোকৰ দেহত সক্ৰিয় হৈ আছে ক’ৰোনা ভাইৰাছ। চহৰখনৰ ২৪ হাজাৰতকৈ অধিক ঠাইত এতিয়াও কণ্টেইনমেণ্ট জ’ন হিচাপে আছে। যাৰ বাবে পুনৰ লকডাউন দিয়া হৈছে দিল্লীত। উল্লেখযোগ্য যে ইয়াৰ পূর্বে ১৯ এপ্ৰিলত ৬ দিনৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লকডাউনৰ ঘোষণা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ