অসম লাইভ২৪ঃ লেপটপ বা কম্পিউটাৰত কাম কৰিবলৈ ল’লেই অত্যাধিক মূৰৰ বিষ হয় নেকি? লেপটপৰ ফালে চালেই মূৰৰ বিষ অত্যাধিক বাঢ়ি যায়? এই মূৰৰ বিষ কেৱল মাইগ্ৰেইনৰ বাবেই হয় তেনে নহয়। মূৰৰ বিষ মস্তিষ্কত টিউমাৰ হোৱাৰো লক্ষণ। বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি প্ৰতি বছৰে ২ লাখ ৬০ হাজাৰ মানুহ মস্তিষ্কৰ টিউমাৰত আক্ৰান্ত হয়। সেয়ে মূৰৰ বিষ সঘনাই হৈ থাকিলে এই বিষয়টোক আওকান কৰিব নালাগে বুলি চিকিৎসকেও উল্লেখ কৰি আহিছে।
কিন্তু মূৰৰ বিষ মানেই টিউমাৰ নহয়। টিউমাৰৰ বাবে হোৱা মূৰৰ বিষ সাধাৰণ মূৰৰ বিষতকৈ পৃথক হয়। মস্তিষ্কৰ টিউমাৰ হ’লে মূৰৰ বিষৰ ওপৰিও অইন কেইবাটাও উপসৰ্গই দেখা দিয়ে। মূৰৰ বিষৰ লগতে অইন কি কি উপসৰ্গই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ সহায় ল’ব?
১) মূৰত টিউমাৰ হোৱাৰ প্ৰধান উপসৰ্গ হৈছে অনবৰতে হৈ থকা মূৰৰ বিষ। টিউমাৰৰ ক্ষেত্ৰত মূৰৰ বিষ কিছু অন্যধৰণৰ হয়। এই ক্ষেত্ৰত পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে লেথাৰিকৈ মূৰৰ বিষ হৈ থাকিব। যদি এনেধৰণৰ বিষ হৈ আছে তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।
২) শৰীৰত জ্বৰ নাই কিন্তু কঁপনি উঠে! সেই কঁপনি আকৌ নিজে নিজে কমি যায়। মূৰৰ বিষৰ লগতে বমি বমি ভাৱো আহে তেন্তে এই লক্ষণো মস্তিষ্কৰ টিউমাৰৰেই লক্ষণ।
৩) কথা পাহৰি যোৱা, ব্যস্ততা, মানসিক চাপ নথকাকৈয়ো সৰু সৰু কথা পাহৰি পেলোৱা লক্ষণ থাকিলেও চিকিৎসকৰ পৰামৰ্শ লওক।
৪) নিশা টোপনি ভাল হোৱাৰ পিছতো দিনটো টোপনি টোপনি ভাৱ আহি থকাটোও মস্তিষ্কৰ টিউমাৰৰেই লক্ষণ। সকলো সময়তে অলস ভাৱে ক্ৰিয়া কৰি থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ