হিকটি আমাৰ সকলোৰে আহে। হিকটি অহাৰ সঠিক কাৰণ স্পষ্টকৈ ক’ব নোৱাৰি যদিও বিভিন্ন অন্তৰ্নিহিত অৱস্থাই দীৰ্ঘদিনীয়া বা স্থায়ী হিকটিৰ সৃষ্টি কৰিব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত হিকটিক Hiccups বোলে ৷ ডায়েফ্ৰাম, হাওঁফাওঁৰ তলৰ শ্বাস-প্ৰশ্বাসৰ পেশীটো হঠাতে সংকোচিত হৈ হঠাতে কণ্ঠতন্ত্ৰ বন্ধ হৈ পৰা শব্দটোৱেই হ’ল হিকটি।
বিপদৰ সংকেত?
যদি আপুনি ষ্ট্ৰোক, টিউমাৰ, মেনিনজাইটিছ বা পাৰ্কিনছন ৰোগৰ বাবে ডায়েফ্ৰামৰ স্নায়ুৰ সমস্যাত ভুগিছে। যদি আপোনাৰ গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ডিজিজ (GERD), খাদ্যনলীৰ প্ৰদাহ, পেটৰ টিউমাৰ আছে। যদি আপুনি নিউমোনিয়া, প্লুৰিচি (হাওঁফাওঁৰ আৱৰণৰ প্ৰদাহ), বৃক্ক বিকল হোৱা, তেজত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা, অতি সক্ৰিয় থাইৰয়ড ৰোগত আক্ৰান্ত হয়। কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া হ’লে হিকটি বিপদৰ সংকেত।
চিকিৎসকৰ পৰামৰ্শ
যদি হিকটি ৪৮ ঘণ্টাৰ অধিক সময় থাকে, বা ইয়াৰ লগত ওজন কমি যায়, বুকুৰ বিষ, ভাগৰুৱা, উশাহ লোৱাত কষ্ট, বা আন কোনো অস্বাভাৱিক লক্ষণ দেখা দিয়ে, তেন্তে পলম নকৰাকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ। স্বাভাৱিক হিকটি কমোৱাৰ বাবে কেইবাটাও ঘৰুৱা উপায় আছে। হিককি আৰম্ভ হ’লে লাহে লাহে ঠাণ্ডা পানী খোৱা, ১০-১৫ ছেকেণ্ডৰ বাবে উশাহ বন্ধ কৰি ৰখা, এচামুচ চেনি খোৱা, এই টিপছবোৰ প্ৰায়ে সহায়ক হয়। কিন্তু চিকিৎসকৰ মতে এই পদ্ধতিসমূহ দীৰ্ঘদিনীয়া হিকটি দমন কৰাত উপযোগী নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















