ৰিয়েলিটি শ্ব’ৰ পৰা আৰম্ভ হৈছিল যাত্ৰা, তাৰপিছত আৰু কাহানিও তেওঁ ওভটি চোৱা নাই৷ এখনৰ পাছত আনখন জনপ্ৰিয় ছবিৰ বেকগ্ৰাউণ্ডত তেওঁৰ গান৷ সুৰকাৰ প্ৰীতম চক্ৰবৰ্তীৰ ওচৰত কাম শিকিছিল তেওঁ৷ ইয়াৰপাছতেই হিন্দী, বাংলাসহ একাধিক ভাষাৰ গান গাইছিল৷ যি গানেই তেওঁ গাইছে সেই গানেই হিট৷ এইবাৰ তেওঁ চিনেমাৰ যাত্ৰা শেষ হোৱাৰ খবৰ জনাইছে৷ গায়কৰ এই পোষ্টত মন ভাঙিছে বহু অনুৰাগীৰো৷ কিয় হঠাৎ এই সিদ্ধান্ত লৈছে অৰিজিৎ সিঙে? অৰিজিতে নিজেই জনাইছে সেই কথা৷
‘ধুৰন্ধৰ’ ছবিত অৰিজিতে গোৱা গহেৰা হুৱা এতিয়াও মানুহৰ মুখে মুখে৷ গীত গোৱাবলৈ দেশ বিদেশৰ চিনেমা প্ৰযোজকে তেওঁৰ জিয়াগঞ্জত থকা ঘৰলৈ আহি ৰৈ থাকে৷ এই জনপ্ৰিয়তা, চিনেমাৰ প্লেবেকৰ অৰ্থ এতিয়া আৰু নালাগে অৰিজিতক৷ সকলোবোৰ তেওঁ ত্যাগ কৰাৰ কথা সামাজিক মাধ্যমযোগে জনাই দিছে৷ অৰিজিতে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘এনে একোটা সিদ্ধান্ত লম বুলি বহু দিনৰ পৰাই ভাৱি আছিলো৷ অৱশেষত সাহস গোটাই এই ঘোষণা কৰিছো৷ চিধাকৈ ক’বলৈ হ’লে একঘেয়ামি লাগিছে জীৱনটো৷ সেই কাৰণেই মই মোৰ গানৰ এৰেঞ্জমেণ্ট প্ৰায়েই সলনি কৰি কৰি মঞ্চত পাৰফৰ্ম কৰো৷ সেই কাৰণেই মই ক্লান্ত হৈ গৈছো, নতুন ধৰণৰ সংগীতৰ সন্ধান কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















