গোপনে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা৷ সাংসৰিক জীৱনৰ পাতনি মেলাৰ খবৰ নিজেই শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত৷ অসমবাসীৰ মনত জানমনি হিচাপে স্থান দখল কৰা শ্যামন্তিকাৰ বিবাহক লৈ এতিয়া বহুজনেই জনাইছে শুভেচ্ছা৷ কিন্তু জানমনিৰ দৰা কোন?
শ্যামন্তিকাই দৰাৰ পৰিচয় সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ নকৰিলেও দৰাৰ পৰিচয় ইতিমধ্যেই উলিয়াইছে নেটিজেনে৷ দৰা অসমৰেই এগৰাকী প্ৰসিদ্ধ চিনেমা পৰিচালকৰ সন্তান৷ প্ৰয়াত চিনেমা পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে সকলোৰে মৰমৰ জানমনিয়ে৷
মানস বৰুৱাৰ পৰিয়ালৰ সৈতে বিশেষ ছবি শ্বেয়াৰ কৰাৰ পাছতেই এই কথা সঁচা বুলি দাবী কৰিছে নেটিজেনে৷ শ্যামন্তিকাৰ নতুন জীৱনৰ আৰম্ভণিতে অজস্ৰজনে শুভেচ্ছা জনোৱাও পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ