বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি এক নিৰ্দিষ্ট সময় অতিক্ৰম কৰাৰ পাছত সমস্ত গ্ৰহই এটা ৰাশিৰ পৰা বাহিৰলৈ ওলাই অইন ৰাশিত প্ৰৱেশ কৰে৷ এই ঘটনাক গ্ৰহৰ গোচৰ বুলি কোৱা হয়৷ সূৰ্য, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু এই ৯টা গ্ৰহই নিয়ম অনুসৰি সময়ে সময়ে ১২টা ৰাশিত গোচৰ কৰে৷ ইয়াৰ ফলত বিশ্বৰ বিভিন্ন ঘটনা আৰু ব্যক্তিগত জীৱনত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পৰে৷ ২০২৫ৰ আৰম্ভণিতেই দুটাকৈ ৰাজযোগ তৈয়াৰ হ’ব৷
২০২৫ চনৰ আৰম্ভণি হ’ব বুধবাৰেৰে৷ জ্যোতিষ গণনা অনুসৰি বছৰৰ প্ৰথম দিনাই মালব্য ৰাজযোগ আৰু ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হৈছে৷ ইয়াৰোপৰি ২০২৫ চনৰ মাৰ্চ মাহত শনিয়েও ৰাশি পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত এই ৪ৰাশিৰ মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে ২০২৫ চন অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ এই বছৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ হঠাৎ আৰ্থিক লাভ হ’ব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ সুযোগ থাকিব৷ ইয়াৰোপৰি যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ সম্ভাৱনা আছে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই সময় খুবেই আনন্দময় হ’ব৷ বিশেষ যোগৰ ফলত তেওঁলোকৰ ব্যৱসায়ত উন্নতি হ’ব৷ ৰৈ থকা অৰ্থ পাব৷ ধৰ্মীয় কামত আগ্ৰহ বৃদ্ধি পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে বছৰৰ প্ৰথম দিনাই তৈয়াৰ হোৱা বিশেষ যোগৰ ফলত অৰ্থ বৃদ্ধি হ’ব, ব্যৱসায়ত লাভ হ’ব আৰু আদালতৰ গোচৰত সাফল্য লাভ কৰিব৷ সমাজত সন্মান আৰু মৰ্যদা বাঢ়িব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময়টো শুভ হ’ব৷ ধৰ্মীয় কামত আগ্ৰহ বৃদ্ধি পাব৷ বুধ গ্ৰহৰ বিশেষ কৃপাত চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা থাকিব৷ ইয়াৰোপৰি ঘৰলৈ নতুন অতিথি আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ