• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

2 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

43 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

'মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়...' ৪০ বছৰ পুৰণি প্ৰেম কাহিনী, য'ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

editor by editor
August 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই কাহিনী ৪০ বছৰ আগৰ। ১৯৪২ চন, দেশত ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়। মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন চলি আছিল। এই আন্দোলন আৰম্ভ হৈছিল ৯ আগষ্টত। সেই সময়ত অটল বিহাৰী বাজপেয়ীৰ বয়স আছিল মাত্ৰ ১৮ বছৰ। তেওঁ গোৱালিয়ৰৰ ভিক্টোৰিয়া কলেজত স্নাতক পঢ়ি আছিল। সেই সময়ত তেওঁ আৰ.এছ.এছ.-ৰ এজন সক্ৰিয় সদস্য। স্নাতক পঢ়ি থকা অৱস্থাতেই তেওঁৰ জীৱনত বিশেষ দুটা ঘটনা ঘটিছিল।

প্রথমটো ঘটনা হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত অটল বিহাৰী বাজপেয়ীৰ বিৰুদ্ধে দেশৰ হকে আন্দোলন কৰা আন্দোলনকাৰীৰ বিৰুদ্ধে সাক্ষী হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আৰু তেওঁৰ জীৱনত সেই সময়ত ঘটা দ্বিতীয়টো ঘটনা হৈছে তেওঁ পঢ়ি থকা কলেজৰ ছাত্ৰী ৰাজকুমাৰী কৌলৰ সৈতে তেওঁৰ প্ৰেমৰ গুজৱ। এয়া গুজৱেই নহয় তেওঁ প্ৰেমতো পৰিছিল ৰাজকুমাৰীৰ। ৰাজকুমাৰীৰ প্ৰেমত হাবুডুবু খোৱা প্ৰেমিক অটলৰ কাহিনী বহুতেই আজিও নাজানে।

১৮ বছৰ বয়সতেই ৰাজকুমাৰীৰ প্ৰেমত পৰিছিল অটল বিহাৰী বাজপেয়ী

কিংচুক নাগ নামৰ বিখ্যাত সাংবাদিক তথা লেখকে তেওঁৰ গ্ৰন্থত অটল বিহাৰী বাজপেয়ীৰ সেই প্ৰেমৰ কথা উল্লেখ কৰি গৈছে। তেওঁ অটলৰ প্ৰেম কাহিনীৰ কথা ‘অটল বিহাৰী বাজপেয়ীঃ এ মেন অফ অল চিজনছ’ নামৰ কিতাপখনত উল্লেখ কৰিছে। তেওঁ লিখিছে, ‘অটল আৰু ৰাজকুমাৰী একেখন মহাবিদ্যালয়তেই পঢ়িছিল। অটলৰ তেতিয়া প্ৰেম হোৱাৰেই বয়স। সেই সময়তেই তেওঁ লগ পাইছিল ৰাজকুমাৰীক। প্ৰথম দেখাতেই ভাললগা অনুবৱে চুই গৈছিল অটল বিহাৰী বাজপেয়ীক। সেই ভাললগাই অটলৰ মনত প্ৰেমৰ ভাৱো জগাই তুলিছিল। এক কথাত অটল ৰাজকুমাৰীৰ প্ৰেমত পৰিছিল। ৰাজকুমাৰীয়েও অটলৰ প্ৰতি দুৰ্বল হৈ উঠিছিল। কিন্তু সেই সময় আজিৰ দৰে নহয়। তেতিয়া লৰা আৰু ছোৱালীৰ মাজত বন্ধুত্ব গঢ়ি উঠাটোক কোনোৱে সহজভাৱে ল’ব নোৱাৰে। সেয়ে অটল আৰু ৰাজকুমাৰীয়েও তেওঁলোকৰ সম্পৰ্কক মুকলিকৈ প্ৰকাশ কৰিব পৰা নাছিল। গোপনে গোপনে এই প্ৰেম আগবাঢ়িল।’

অটলে ৰাজকুমাৰীলৈ লিখিছিল এখন বিশেষ প্ৰেম পত্ৰ

সময় বাগৰিল। প্ৰেমৰ কথাবোৰ মুকলিকৈ ক’ব খুজিও বাৰে বাৰে ৰৈ গ’ল অটল। কিন্তু প্ৰেমিক মনটোক বান্ধি ৰাখেনো কেনেকৈ? দুয়োৰে মাজত অৱশ্যে বাৰ্তালাপ আৰম্ভ হৈছিল। কিন্তু কোনো এজনেই প্ৰেমৰ কথাবোৰ মুকলিকৈ খুলি কোৱা নাছিল। পাছলৈ অটলেই সচৰাচৰ ভাৰতীয় সংস্কৃতিৰ দৰেই পুৰুষে আগতে প্ৰেমৰ প্ৰস্তাৱ ৰাখে সেই নীতিকেই অনুসৰণ কৰি ৰাজকুমাৰীলৈ এখন বিশেষ চিঠি লিখে। অটলৰ কলমৰ ধাৰ তেতিয়াও চোকা আছিল। এদিন তেওঁ সাহ কৰিয়েই ৰাজকুমাৰীলৈ মনৰ কথা জনাই বিশেষ চিঠি লিখে। চিঠিখনত তেওঁৰ মনৰ ভাৱসমূহ মুকলিকৈ লিখে। আৰু সেই চিঠিখনেই তেওঁ কলেজৰ লাইব্ৰেৰীৰ এখন কিতাপৰ মাজত থৈ আহে। ৰাজকুমাৰীয়েও যিহেতু এই কথাৰ ভু-পাইছিল। সেয়ে ৰাজকুমাৰীয়েও সেই চিঠিখন লাইব্ৰেৰীৰ পৰা লৈ আহে। ৰাজকুমাৰীয়ে সেই চিঠিখন সম্পূৰ্ণৰূপে পঢ়ে। কিন্তু অটলক তেওঁ সেই চিঠিৰ কোনো প্ৰত্তুত্তৰ নিদিলে। ৰাজকুমাৰীৰ পৰা চিঠিৰ উত্তৰ পাম বুলি আশাৰে ৰৈ ৰৈ অটল হতাশ হ’ল।

অটলক ৰাজকুমাৰীৰ পৰিয়ালে কিয় গ্ৰহণ কৰিব নোৱাৰিলে?

সাংবাদিক তথা লেখক সাগৰিকা ঘোষেও অটল বিহাৰী বাজপেয়ীৰ জীৱনী লিখিছে। সাগৰিকা ঘোষেও তেওঁৰ গ্ৰন্থত অটলৰ প্ৰেমৰ দিশটোৰ ওপৰত কেইবাটাও পৃষ্ঠা লিখিছে। তেওঁৰ গ্ৰন্থত উল্লেখ কৰামতে, ৰাজকুমাৰীয়েও অটলৰ প্ৰেমত পৰিছিল। সেই প্ৰেমৰ বাবেই তেও পিতৃ-মাতৃক অটলৰ কথা জনাইছিল। কিন্তু ৰাজকুমাৰীৰ পৰিয়ালে অটলক নিজৰ জোৱায়েক হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। শিন্দেৰ সেনাচাউনীত বাস কৰা অটল, আৰ এছ এছৰ কৰ্মী অটল ৰাজকুমাৰীৰ পৰিয়ালৰ বাবে এটা দেশদ্ৰোহীতকৈ কম নহয়। জীয়াৰীৰ ইচ্ছাক কোনো কাৰণতে পিতৃয়ে মানি ল’ব নোৱাৰিলে। ৰাজকুমাৰীয়েও পৰিয়ালৰ বিপক্ষে গৈ অটলৰ সৈতে প্ৰেমৰ কথাবোৰ আওৰাবলৈ মান্তি নহ’ল। যাৰবাবে অটলৰ প্ৰেমক প্ৰত্যাখ্যান কৰি ৰাজকুমাৰীয়ে ব্ৰজ নাৰায়ণ কৌলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ৰাজকুমাৰীয়ে বিয়া কৰাই নিজা ঠিকনা লয় কিন্তু অটলে সেই প্ৰেমৰ পৰা ওলাই আহি অন্য কাৰোবাক হৃদয় দিয়াৰ কথা আৰু ভাৱিব নোৱাৰিলে। ৰাজকুমাৰীয়ে প্ৰেম আৰু পৰিয়ালৰ মাজত পৰিয়ালক বাছনি কৰি ল’লে আনহাতে অটলে প্ৰেম আৰু দেশৰ মাজত দেশৰ হৈ কাম কৰি যোৱাৰেই পণ ল’লে।

বিবাহৰ কথা কওঁতেই ঘৰৰ পৰা পলাই গৈছিল অটল

অটল বিহাৰী বাজপেয়ীৰ বন্ধু গৌৰী লাল ত্ৰিপাঠীৰ পুত্ৰ বিজয় প্ৰকাশে অটল বিহাৰী বাজপেয়ীৰ বিবাহক লৈ বিশেষ কথা এটা ইণ্টাৰভিউত প্ৰকাশ কৰিছিল। ৰাষ্ট্ৰীয় এক সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘অটল নিজা কথাত প্ৰতিসময়তেই অটল। সেয়ে তেওঁ ঘৰত বিবাহৰ কথা উত্থাপন হওঁতে ঘৰ এৰি পলায়ন কৰিছিল। সেই সময়ত তেওঁ বন্ধুৰ ঘৰত গৈ লুকাই আছিল। তিনিদিন ধৰি তেওঁ বন্ধুৰ ঘৰৰ এটা ৰুমত নিজকে বন্ধ কৰি ৰাখিছিল। তেওঁ যিহেতু দেশৰ বাবে নিজৰ জীৱন অৰ্পণ কৰাৰ পণ লৈছিল সেয়ে বিবাহৰ বান্ধোনত তেওঁ বান্ধ খাব খোজা নাছিল।’

সময় বাগৰিল, ৰাজকুমাৰী আৰু অটলৰ প্ৰেমকাহিনী কিন্তু অন্ত নপৰিল…

এই ঘটনা পৰিঘটনাৰ ১৫ বছৰ পাৰ হ’ল। প্ৰকৃত কাহিনী ১৫ বছৰৰ পাছতহে আৰম্ভ হ’ল। ৰাজকুমাৰীয়ে বিবাহৰ পাছত তেওঁৰ স্বামী ব্ৰজ নাৰায়ণৰ কৌলৰ সৈতে দিল্লীলৈ যায়। চন তেতিয়া ১৯৫৭। দেশ স্বাধীন হোৱাৰ পাছত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। অটলে সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিলে। জনসংঘ পাৰ্টীৰ হৈ বিজয়ী হৈ সংসদত প্ৰৱেশ কৰে অটল। যিখন ৰামজছ কলেজত ৰাজকুমাৰীৰ স্বামীয়ে অধ্যাপনা কৰিছিল সেইখন কলেজলৈকে অটলক ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। অটলৰ ভাষণ শুনিবলৈ সেইদিনা সেইখন কলেজত ৰাজকুমাৰীও উপস্থিত হৈছিল। ১৫ বছৰৰ পাছত সেইদিনা অটল-ৰাজকুমাৰী আকৌ মুখামুখি হয়।

১৫ বছৰৰ পাছত বিশেষ চিঠিৰ উত্তৰ পাইছিল অটলে

আধৰুৱা প্ৰেম আকৌ আৰম্ভ। সেই দেখাই আকৌ বহু কথাৰেই আৰম্ভণি। অটলে বুজি উঠিল, তেওঁৰ চিঠিৰ উত্তৰ ৰাজকুমাৰীয়ে কি দিছিল, কেনেকৈ দিছিল। ৰাজকুমাৰীয়ে তেওঁৰ চিঠিৰ উত্তৰ লগে লগেই দিছিল। ৰাজকুমাৰীয়েও অটলক ভালপাইছিল সেই কথা চিঠিত লিখি সেই চিঠি লাইব্ৰেৰীত অটলে তেওঁৰ বাবে চিঠি এৰি অহা কিতাপখনৰ মাজতেই থৈ আহিছিল। কিন্তু সেই চিঠি অটলে লাভ নকৰিলে।

স্বামীৰ সৈতে ৰাজকুমাৰী অটলৰ ঘৰত উপস্থিত হয়

অটলৰ হেৰুৱা প্ৰেম যেন আকৌ উভতি আহিল। অটলে প্ৰায়েই ৰাজকুমাৰীক লগ কৰিবলৈ ৰাজকুমাৰীৰ স্বামী গৃহলৈ যাব ধৰিলে। পাছলৈ যেতিয়া অটল বিহাৰী বাজপেয়ী প্রধানমন্ত্ৰী হয় তেতিয়া দিল্লীত কিছু দিনৰ বাবে যাযাবৰ অটলে এটা ঠিকনা লাভ কৰে। দিল্লীৰ চৰকাৰী আৱাসগৃহ অটলৰ ঠিকনা হৈ পৰে। সেই বাসগৃহই অটলৰ বহু কাহিনী কঢ়িয়াই থাকিল। অকলে থকা অটলে ইমান ডাঙৰ বাসগৃহত অকলে কটোৱাতকৈ ৰাজকুমাৰী আৰু তেওঁৰ স্বামী সন্তান সকলোকে সেই গৃহত থাকিবলৈ আমন্ত্ৰণ জনায়। ৰাজকুমাৰীয়েও অটলৰ কথা ৰাখিয়েই সেই চৰকাৰী আৱাসগৃহত স্বামী সন্তান সহিতে থাকিবলৈ আৰম্ভ কৰে। সেই বিশেষ আৱাসগৃহটোত প্ৰত্যেকৰে বাবে পৃথক পৃথক শোৱনি কোঠা আছিল। ভাৰতৰ ৰাজনীতিত এয়াই হয়তো প্ৰথমটো ঘটনা য’ত অন্য কোনো লোকক প্রধানমন্ত্ৰীৰ আৱাসগৃহত থাকিবলৈ দিয়া হৈছিল। অটলে ৰাজকুমাৰীক এই আৱাসগৃহত আশ্ৰয় দিয়াক লৈ কিন্তু বিৰোধী দলেও কোনো মন্তব্য কৰা নাছিল।

ৰাজকুমাৰীৰ স্বামীয়েও অটলক ভালপাইছিল

সাগৰিকা ঘোষে তেওঁৰ গ্ৰন্থত উল্লেখ কৰা অনুসৰি, ‘অটল বিহাৰী বাজপেয়ীৰ বন্ধু বলবীৰ পুঞ্জে জনোৱা মতে, যেতিয়া প্ৰথমবাৰ বাজপেয়ীৰ ঘৰত ৰাজকুমাৰী তেওঁৰ স্বামী আৰু সন্তানক দেখিছিলো মই আচৰিত হৈ পৰিছিলো। কিন্তু ক্ষন্তেকসময় তেওঁলোকৰ সৈতে কটোৱাৰ পাছত মই অনুশোচনা কৰিলো মোৰ ধাৰণা ভুল। এনে নিৰ্ভেজাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকৰ মানসিক স্থিতি আমি ঢুকি নোপোৱা উচ্চতা।’

অটলৰ চৰকাৰী আৱাসত তিনিওগৰাকীয়ে এজনে আনজনৰ সৈতে সসন্মানেৰে সম্পৰ্ক বজাই ৰাখিছিল। এজনৰ প্ৰতি আনজনৰ আছিল অগাধ বিশ্বাস আৰু শ্ৰদ্ধা। অটল বিহাৰী বাজপেয়ীয়ে প্ৰতি খোজতেই তেওঁলোকক লগত ৰাখিছিল। .যদি কোনো লোকে অটল বিহাৰী বাজপেয়ীক খাদ্য গ্ৰহণৰ বাবে আমন্ত্ৰণ কৰিছিল তেওঁ সদায়ে লগত ৰাজকুমাৰী, সন্তান আৰু স্বামীকো লগত লৈ গৈছিল। এই সন্দৰ্ভত বাজপেয়ীৰ বন্ধু বলবীৰে কয়, ‘অটল আৰু ৰাজকুমাৰীৰ স্বামী ব্ৰজ এজনে আনজনৰ সৈতে খুবেই বন্ধুত্বপূৰ্ণ আচৰণ কৰিছিল। ৰাজকুমাৰীৰ বাবেই ব্ৰজে অটলৰ সৈতে বন্ধুত্ব গঢ়িছিল তেনে নহয়। অটলৰ ব্যক্তিত্বই ব্ৰজক খুবেই আকৰ্ষিত কৰিছিল যাৰবাবে অটলৰ সৈতে তেওঁৰো বন্ধুত্ব গঢ়ি উঠিছিল। ব্ৰজেও বাজপেয়ীৰ খোৱা বোৱাকে ধৰি তেওঁৰ ভাষণ সকলোবোৰ তদাৰক কৰিছিল।

ৰাজকুমাৰীয়ে কৈছিল, ‘মোৰ স্বামী, অটল আৰু মোৰ সম্পৰ্ক সদায়ে অটুত আছে, থাকিব’

চন ১৯৮০। এখন সংবাদপত্ৰত ৰাজকুমাৰীৰ এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছিল। তেই সাক্ষাৎকাৰটোত ৰাজকুমাৰীয়ে কৈছিল, ‘অটল আৰু মোৰ মাজত এটা সম্পৰ্ক আছে। এই সম্পৰ্কক সকলোৱে বুজি নাপাব। অটল, ব্ৰজ আৰু মোৰ সম্পৰ্কক লৈ মই কাৰোবাক চাফাই দিব লাগে বুলি কেতিয়াও ভৱা নাই। আমাৰ তিনিওৰে মাজৰ বান্ধোন সদায়ে অটুত আছে আৰু থাকিবই।’

ৰাজকুমাৰীক কিয় হাই কামাণ্ড বুলি মাতিছিল অটলে?

কৰণ থাপ্পৰ নামৰ লেখকে এটা লেখাত উল্লেখ কৰিছিল অটলৰ প্ৰেমৰ প্ৰসংগ। তেওঁ এই সন্দৰ্ভত লিখিছিল, ‘এবাৰ মই অটল বিহাৰী বাজপেয়ীৰ ইণ্টাৰভিউ লবলৈ তেওঁৰ আৱাসগৃহলৈ গৈছিলো। কিন্তু তেওঁ গৃহলৈ যোৱাৰ পূৰ্বে ফোনতেই জনাব লাগে। সেয়ে মই ফোন কৰিছিলো। মোৰ ফোনটো ৰাজকুমাৰীয়ে ধৰিছিল। ৰাজকুমাৰীক মই ইণ্টাৰভিউ লব খোজা কথাটো বুজাই কৈছিলো। তেওঁ মোক পাছদিনা ঘৰলৈকে মাতে। মই ৰাজকুমাৰীয়ে সময় দিয়ামতেই তেওঁৰ ঘৰত উপস্থিত হলো। গৈয়েই অটলজীক বহি থকা দেখা পালো। মই মুখ খোলাৰ পূৰ্বেই তেওঁ কলে, ‘আপুনিতো হাই কমাণ্ডৰ সৈতে আগতেই কথা পাতিলে। এতিয়া মইয়ো কেনেকৈ আপোনাক না কৰো।”

চন ২০১৪ ত শেষ হ’ল প্ৰেমৰ সেই অধ্যায়

চন ২০১৪ত সেই প্ৰেমকাহিনীৰ অন্ত পৰিল। ৰাজকুমাৰীয়ে ২০১৪ চনত কায়িক বিদায় মাগিলে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সাংবাদিক কুলদ্বীপ নেয়ৰে দ্যা টেলিগ্ৰাফত লিখিছিল, ‘ৰাজকুমাৰী এগৰাকী খুবেই অমায়িক আৰু বুদ্ধিদ্বিপ্ত নাৰী আছিল। তেওঁ অটলৰ সকলো আছিল। যেনেকৈ তেওঁ অটলক সামৰি ৰাখিছিল তেনেকৈ হয়তো অটলক কোনোৱে সামৰি ৰাখিব নোৱাৰিলেহেতেন। তেওঁ প্ৰেমৰ বাবেই খোজে খোজে অটলক আজীৱন সংগ দিলে। অটলৰ সকলো দিশ সুচাৰুৰূপে পৰিচালনা কৰি থকা ৰাজকুমাৰীক হৃদৰোগে হঠাতেই কাঢ়ি নিব বুলি অটলেও হয়তো কাহানিও কল্পনা কৰা নাছিল। মৃত্যু পৰ্যন্ত অটলক সামৰি তেওঁ নিৰৱেই বিদায় ল’লে।’

ৰাজকুমাৰীৰ মৃত্যুৰ পাছত মাত্ৰ ৪ বছৰহে জীয়াই থাকিল বাজপেয়ী

১৬ আগষ্ট ২০১৮। দেশবাসীক কন্দোৱাই বিদায় মাগিলে অটল বিহাৰী বাজপেয়ীয়ে। তেওঁ মৃত্যুৰ ৫বছৰ সম্পূৰ্ণ হৈছে। আজীৱন অবিবাহিত হৈয়েই ৫ বছৰ পূৰ্বে বিদায় মাগিলে বাজপেয়ীয়ে। বাজপেয়ীয়ে বিবাহপাশত আৱদ্ধ নহলেও ৰাজকুমাৰীৰ সৈতে আজীৱন এটা সুমধুৰ সম্পৰ্ক কঢ়িয়াই থাকিল বাজপেয়ীয়ে। বাজপেয়ীয়ে তেওঁৰ আজীৱন বিয়া নকৰোৱাৰ কাৰণৰ উত্তৰ দিওতে বহুবাৰ এটা কথাই কৈছিল,’মই চিৰকুমাৰ কিন্তু মই ব্ৰহ্মচাৰী নহয়।’

অটল আৰু ৰাজকুমাৰী দুয়োগৰাকীয়েই এই পৃথিৱীত নাথাকিলেও দুয়োৰে প্ৰেমকাহিনী জানিবলৈ আজিও বহুজন আগ্ৰহী। চিৰকালৰ চিৰস্মৰণীয় প্ৰেম কাহিনী হৈ দুয়োৰে প্ৰেমকাহিনী জনতাৰ মুখে মুখে চলি থাকিল। বহুতেই তেওঁলোকৰ প্ৰেম কাহিনীক লৈ কয় যে, এই প্ৰেম ৰাজনীতিৰ উৰ্ধত, এই প্ৰেম এজন ৰাজনীতিকৰ পৰা কোনোৱে আশা নকৰে যদিও প্ৰেমৰ প্ৰকৃত সংজ্ঞা কি বাজপেয়ীয়ে দেখুৱাই থৈ গৈছে। বাজপেয়ী আৰু ৰাজকুমাৰীৰ সম্পৰ্কই প্ৰমাণ কৰে যে সকলো সম্পৰ্কৰ নাম থকাটো জৰুৰী নহয়। কেৱল সেই বিশেষ ব্যক্তি দুজনেই এজনে আনজনৰ পৰিপূৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ শনি ত্ৰয়োদশীত আয়ুষ্মান যোগ, গ্ৰহৰাজৰ কৃপাত সৌভাগ্য খুলিব ৫ৰাশিৰ

মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ, বাংলাদেশী হিন্দুক লৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে মহম্মদ ইউনূছে

মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ, বাংলাদেশী হিন্দুক লৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে মহম্মদ ইউনূছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.