অসম লাইভ২৪ঃ ২০২৩ চনত বন্ধ হ’ব মাৰুতি এল্টকে ধৰি কেইবাখনো গাড়ী। এই গাড়ীখন বহু মধ্যবিত্তৰেই সপোনৰ কাৰ। গাড়ীখন বন্ধৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছতেই বহুতেই জানিব খুজিছে কিয় বন্ধ কৰিব এই কাৰ?
মাৰুতি এল্ট ৮০০ গাড়ীখনৰ উৎপাদন বন্ধ হ’লেও বুকিং বৰ্তমানো অব্যাহত আছে৷ নতুন বছৰত ভাৰতত কাৰ্যকৰী হ’ব ৰিয়েল ড্ৰাইভিং এমিছন আইন৷ এই আইনৰ অধীনত ভাৰতত বৰ্তমান চলি থকা ১৭ টা মডেলৰ গাড়ী অন্তৰ্ভূক্ত নহ’ব৷ এল্ট গাড়ীখনো এই তালিকাৰ অন্তৰ্ভূক্ত৷ নতুন আইন অনুসৰি ২০২৩ চনত ভাৰতৰ প্ৰতিখন বাহনত ছেলফ ডাইগনেষ্টিক ডিভাইছ স্থাপন কৰা হ’ব৷
আনহাতে বন্ধ হ’ব লগা গাড়ীৰ মডেলকেইটা হৈছে, TATA Altroz Disel, Renault Kwid 800, Mahindra Alturas G4, Nissan Kicks, Mahindra Marazzo, Mahinda KUV100, Toyota Innova Crysta Petrol, Skoda Octavia, Skoda Superb, Hyundai i20 Disel, Hyundai Verna Disel, Honda city 4th Gen, Honda city 5 Gen disel, Honda Jazz, Honda Amaze Disel, Honda WR-V এই মডেলসমূহ বন্ধ হ’ব ২০২৩ চনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ