অসম লাইভ ২৪ঃ বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়ৰ এক্সনৰে ভৰপূৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এক্সন মুভীত সদায় প্ৰসিদ্ধ অক্ষয় কুমাৰ এইবাৰ আহিছে আন এক ৰূপত। এইবাৰ অক্ষয়ে নিজৰ অনুৰাগীক অবাক কৰিবলৈ গৈ আছে। অতি শীঘ্ৰেই অক্ষয় কুমাৰে ‘ইনটু দ্যা ৱাইল্ড উইথ বিয়াৰ গ্ৰীলছ’ (Into the wild with bear grylls)ৰ সৈতে বিপদৰ সৈতে খেলা কৰিব। ‘ইনটু দ্যা ৱাইল্ড উইথ বিয়াৰ গ্ৰীলছ’ৰ ট্ৰীজাৰ টুইটাৰত শ্বেয়াৰ কৰি অক্ষয় কুমাৰে নিজে জনাইছে এই কথা। তিহাৰত দুজনেই জংঘলত ঘূৰি ফুৰা, দৌৰা দেখা পোৱা গৈছে। একেলগে দুয়োজনে প্ৰায় ৬ ঘণ্টা সময় কাইছে জংঘলত। এই ট্ৰীজাৰৰ পাছতে অক্ষয়ৰ অনুৰাগী যথেষ্ট উৎসুক হৈ আছে ‘ইনটু দ্যা ৱাইল্ড উইথ বিয়াৰ গ্ৰীলছ’ শ্ব’ৰ বাবে। উল্লেখযোগ্য যে অক্ষয় কুমাৰৰ পূর্বে দক্ষিণ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়াৰ গ্ৰীলছৰ শ্ব’ত অংশ লৈছে। ৰজনীকান্ত আৰু বিয়েৰ গ্ৰীলছৰ শ্ব’ৰ শ্বুটিং হৈছিল বান্দিপুৰ টাইগাৰ ৰিজার্ভ পার্কত। ইফালে প্ৰধানমন্ত্ৰী বিয়াৰ গ্ৰীলছৰ শ্ব’ৰ শ্বুটিং হৈছিল উত্তৰাখণ্ডৰ জীম কৰবেট নেচনেল পার্কত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ