দেশৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰায়ত্ব বেংকতেই আৰ্থিক প্ৰতাৰণা৷ এটকা দুটকা বা হাজাৰ, লাখো নহয় প্ৰায় ১৭৫ কোটি টকাৰ প্ৰতৰণা৷ হায়দৰাবাদৰ ষ্ট্ৰেট বেংক অৱ ইণ্ডিয়ান ব্ৰাঞ্চ বা শাখাৰ পৰা ১৭৫ কোটি টকা আৰ্থিক প্ৰতাৰণাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বেংক মেনেজাৰসহ কেইবাগৰাকী কৰ্মীকো৷
হায়দৰাবাদৰ ছামচেৰগঞ্জ এলেকাত থকা এছ বি আইৰ ব্ৰাঞ্চৰ পৰা বিপুল আৰ্থিক প্ৰতাৰণা হৈছে৷ কমিছনৰ বিনিময়ত নতুন একাউণ্ট খোলা, কলা টকা কেনেকৈ বগা কৰিব, কেনেকৈ এটা একাউণ্টৰ পৰা অন্য একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব এইবোৰৰ বাবদ ধন লৈছিল মেনেজাৰে৷ এই সকলো কাম বেংক মেনেজাৰ আৰু কৰ্মীৰ সহায়তেই হৈছিল৷
বিশেষ শাখাটোৰ মেনেজাৰ মধু বাবু গালিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ জীম ট্ৰেইনাৰকো৷ আৰ্থিক প্ৰতাৰণাত এই জীম ট্ৰেইনাৰো জৰিত বুলি জনাইছে ছাইবাৰ ছিকিউৰিটি ব্যুৰই৷ তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু দিছে৷
কেনেকৈ সন্মুখলৈ আহিল এই প্ৰতাৰণা?
ছাইবাৰ ছিকিউৰিটি ব্যুৰৰ ডাটা এনালাইচিছ টিমৰ নজৰত আহে যে শ্যামগঞ্জৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাত ৬টা বেংক একাউণ্টৰ বিৰুদ্ধে লেথাৰিকৈ অভিযোগ আহি আছে৷ তদন্তত নামি দেখা পায় যে চলিত বছৰৰ মাৰ্চৰ পৰা এপ্ৰিল মাহৰ মাজত বিপুল পৰিমানৰ অৰ্থ এই একাউণ্টসমূহৰ পৰা লেনদেন হৈছে৷ প্ৰায় ৬০০ ৰো বেছি অভিযোগ আছে এই একাউণ্টসমূহৰ বিৰুদ্ধে৷ পাছত তদন্তত ধৰা পৰে যে এই একাউণ্টসমূহেৰে বিভিন্ন বেআইনী অৰ্থৰ লেনদেন হৈছিল৷ ছাইবাৰৰ অপৰাধত এই একাউণ্টসমূহ ব্যৱহাৰ কৰা হৈছিল৷ এই প্ৰতাৰণা চক্ৰৰ মূল ডুবাইৰ পৰা যাৱতীয় কাম চলিছিল৷ তাতেই ৫জন সাধাৰণ মানুহক নানান ধৰণে প্ৰলোভন দেখুৱাই বেংক একাউণ্টকেইটা খোলা হৈছিল৷ আৰু অৰ্থ লেনদেনৰ বাবে এই একাউণ্টকেইটা ব্যৱহাৰ কৰা হৈছিল৷ বিগত ২৪ আগষ্টত ছাইবাৰ ছিকিউৰিটি ব্যুৰই ২জনক গ্ৰেপ্তাৰ কৰিছে৷ ২ অভিযুক্তৰ মন্তব্যৰ ভিত্তিতেই বেংক মেনেজাৰ আৰু বেংকৰ কেইবাজনো কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ