শুকুৰবাৰে ডাঙৰ পৰ্দাত মুক্তি পাইছে ভুল ভুলাইয়া-৩য়ে৷ ছবিত কাৰ্তিক আৰিয়ান, মাধুৰী দীক্ষিত, তৃপ্তি দীমৰিৰ ওপৰিও গুৰুত্বপূৰ্ণ ভূমিকাত আছে বিদ্যা বালন৷ বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীসকলৰ তালিকাত অহাৰ বাবে এসময়ত পৰিশ্ৰমৰ ওপৰতিও নানান লাঞ্ছনা, অপমান সহ্য কৰিব লগা হৈছিল বিদ্যা বালনে৷ বাৰে বাৰে এই কথা কৈ আহিছে বিদ্যাই৷
সম্প্ৰতি তেওঁৰ ছবি ভুল ভুলাইয়াৰ প্ৰচাৰত এনে এটি ঘটনাৰ কথা নিজেই জনাইছে বিদ্যাই৷ জনাইছে এগৰাকী প্ৰযোজকৰ কথাও৷ এগৰাকী প্ৰযোজকে বিদ্যাৰ সৈতে এনে এক কাণ্ড কৰিছিল যে তেওঁ ছমাহ আইনাই চাব পৰা নাছিল৷ নিজক লৈ নিজেই অস্বস্তিতো আছিল বিদ্যা৷
বিদ্যাই সেই কাহিনীৰ কথা ক’বলৈ গৈ কয়, ‘এবাৰ এখন তামিল ছবিৰ শ্বুটিং কৰিছিলো৷ বিগ বাজেটৰ ছবি৷ নায়ক মোহনলাল৷ দুদিন শ্বুট কৰাৰ পাছত ছবিৰ পৰা মোক হঠাৎ উলিয়াই দিয়া হয়৷ প্ৰযোজকৰ চেন্নাই কাৰ্যালয়ত নিজেই উপস্থিত হৈ কাৰণ জানিব বিচাৰিছিলো৷ লগত মোৰ মা দেউতাও আছিল৷ তেতিয়া সেই কাৰ্যালয়ত মোৰ দুদিন কৰা শ্বুটিঙৰ দৃশ্যসমূহ তেওঁ মোকেই দেখুৱাইছিল৷ চৰম তাচ্ছিল্যৰ সৈতে মোৰ পিতৃ-মাতৃক প্ৰযোজকে কৈছিল, ‘দেখি কেনে লাগিছে? আপোনালোকৰ সন্তানক কোনোবা দিশৰ পৰা নায়িকা যেন দেখিনে? নে অভিনয় জানে নে নাচ?’ তেতিয়া মোৰ ওচৰত কোনো উত্তৰ নাছিল৷ মনত এটা কথাই ঘূৰি আছিল৷ মাত্ৰ দুদিন শ্বুটিঙৰ দৃশ্য চাই কেনেকৈ মোৰ গাত অভিনেত্ৰী হোৱাৰ লক্ষণ নাই বুলি জনাইছে? মোক অন্তত সুযোগটো দিয়ক৷’
সেই প্ৰযোজকৰ তাচ্ছিল্য, অপমানে বিদ্যাৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল৷ যাৰবাবে তেওঁ ৬মাহ পৰ্যন্ত আইনাত নিজৰ মুখ চোৱা নাছিল৷ এই সন্দৰ্ভত বিদ্যাই কয়, ‘প্ৰযোজকৰ কথা শুনি নিজকে কুৎসিত যেন অনুভৱ হৈছিল৷ মোৰ আত্মবিশ্বাস নষ্ট কৰি দিছিল প্ৰযোজনগৰাকীয়ে৷ নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলো৷ মই সেয়ে খুব সাবধানে শব্দ উচ্চাৰণ কৰো৷ কথাত বহু জোৰ থাকে৷ কেৱল কথাৰেই এজন মানুহৰ ভিতৰখন ক্ষতবিক্ষত কৰি তুলিব পাৰি৷ সেয়ে দয়ালু হোৱাটো ভীষণ প্ৰয়োজন৷ সেই ঘটনা মোৰ কেৰিয়াৰৰ আৰম্ভণিতে হৈছিল বাবে মই বহু শিক্ষা ল’লো৷ দয়ালু হ’বলৈকো শিকিলো৷’
১৯৯৫ চনত সৰু পৰ্দাত হাম পাঁচ ধাৰাবাহিকৰ মাধ্যমেৰে অভিনেত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰিছে বিদ্যাই৷ ইয়াৰপাছতেই ২০০৩ চনত বাংলা ছবি ভাল থেকোৰ মাধ্যমেৰে চিনেমাত যাত্ৰা আৰম্ভ কৰে৷ ২০০৫ চনত পৰিণীতা ছবিৰে হিন্দী ছবিৰ জগতত পদাৰ্পণ কৰে৷ তাৰপিছতেই দ্যা ডাৰ্টি পিকছাৰ আৰু কাহানিৰ বাবে বিদ্যা হৈ উঠিল সকলোৰে চিনাকি এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেত্ৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ