বিলকিছ বানো গোচৰৰ ক্ষেত্ৰত গুজৰাট চৰকাৰক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ
২০০২ চনৰ দেশ কঁপাই যোৱা বিলকিছ বানো গোচৰত গুজৰাট চৰকাৰক আঘাত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। আজি বৃহস্পতিবাৰ ২৬ ছেপ্টেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে দোষীক ৰেহাই দিয়াৰ তৰ্ক খণ্ডন কৰিবলৈ অস্বীকাৰ কৰে। গুজৰাট চৰকাৰে নিজৰ বিৰুদ্ধে কৰা কিছু টিপ্পনি আঁতৰ কৰাৰ বাবে অনুৰোধ কৰিছিল।
আচলতে ২০০২ চনৰ গুজৰাট দাঙ্গাৰ সময়ত ৫ মাহৰ গৰ্ভৱতী বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰি বিলকিছৰ সমুখতে নাৱালিকা কন্যা সহ সম্পূৰ্ণ পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ১১ জন লোকক সময়তকৈ পূৰ্বে মুকলি কৰি দিয়াটো উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল।
গুজৰাট চৰকাৰৰ আবেদনখনত সৰ্বোচ্চ ন্যায়ালয়ে “দোষীসকলৰ সৈতে গোপন বুজাবুজিৰে কাম কৰা” বুলি কৰা প্ৰশ্ন উত্থাপন কৰিছিল। ৰাজ্য চৰকাৰে যুক্তি দিছিল যে এই মন্তব্য অনুচিত আৰু গোচৰৰ অভিলেখৰ বিৰুদ্ধে আৰু আবেদনকাৰীৰ বিৰুদ্ধেও পক্ষপাতিত্বমূলক। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই কথাত একমত নহয়।
উচ্চতম ন্যায়ালয়ে কয়, “পৰ্যালোচনা আবেদন, প্ৰত্যাহ্বানমূলক আদেশ আৰু ইয়াৰ লগত সংলগ্ন নথি-পত্ৰসমূহ ভালদৰে অধ্যয়ন কৰাৰ পিছত আমি এই সিদ্ধান্তত উপনীত হওঁ যে কোনো ভুল ৰেকৰ্ডত দেখা নাযায় বা পৰ্যালোচনা আবেদনসমূহত কোনো যোগ্যতা নাই, যাৰ বাবে প্ৰত্যাহ্বান জনোৱা আদেশে হ’ব লাগে।”
জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে কৈছিল যে গুজৰাট চৰকাৰে “ভাল আচৰণ”ৰ বাবে মুকলি কৰি দিয়া ১১ জন লোক পুনৰ জেললৈ যাব লাগিব। এনে সিদ্ধান্তক লৈ আদালতে এক ঐতিহাসিক নিৰ্দেশ দি কয় যে ৰাজ্য চৰকাৰে এই লোকসকলক মুকলি কৰি দিব নোৱাৰে, এই ঘটনাৰ ফলত জনসাধাৰণৰ মাজত ক্ষোভ বিয়পি পৰিছে।
আদালতে কয় যে ৰেহাইৰ আদেশত যোগ্যতাৰ অভাৱ। আদালতে গুজৰাট চৰকাৰক “চিন্তা-চৰ্চা নকৰাকৈ” এনে আদেশ গৃহীত কৰাৰ বাবে ধমক দিয়ে। উচ্চতম ন্যায়ালয়ে লগতে কয় যে দোষীক প্ৰথমে বিচাৰ কৰা ৰাজ্যখনৰ পৰাহে মুকলি কৰি দিব পাৰি; এই ক্ষেত্ৰত সেই ৰাজ্যখন আছিল মহাৰাষ্ট্ৰ।
এই আদেশ গৃহীত কৰাৰ সময়তে আদালতে ২০২২ চনৰ মে’ মাহত ন্যায়াধীশ অজয়ৰাষ্টোগীয়ে (অৱসৰপ্ৰাপ্ত) দিয়া ৰায়দানকো তীব্ৰ সমালোচনা কৰে, য’ত দোষীসকলক আগতীয়াকৈ মুক্তিৰ বাবে গুজৰাট চৰকাৰৰ ওচৰত আবেদন কৰিবলৈ অনুমতি দিয়া হৈছিল। ন্যায়াধীশসকলে কয় যে দোষীসকলে এই আদেশ “প্ৰৱঞ্চনাৰ জৰিয়তে” লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ