বলীউডৰ মোহময়ী অভিনেত্ৰী বিপাশা বসু প্ৰায়ে চৰ্চাত থাকে। কেতিয়াবা বিপাশাই নিজৰ ব্যক্তিগত জীৱনক লৈ কেতিয়াবা অভিনয় জগতৰ কামৰ বাবেও চৰ্চিত হয়। এবাৰ বিপাশা বসুৱে ‘জোৰী ব্ৰেকাৰ’ নামৰ এখন চিনেমাৰ শ্বুটিং কৰি আছিল। সেই চিনেমাৰ শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীয়ে যি সমস্যাৰ সন্মুখীন হৈছিল, তাকে লৈ আজিও চৰ্চা চলে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সেই চিনেমাখনৰ শ্বুটিংৰ সময়ত সংঘটিত হোৱা অভাৱনীয় পৰিস্থিতিৰ কথা মুকলিকৈ কয়। প্ৰকৃততে কি হৈছিল বলীউডৰ অভিনেত্ৰী বিপাশাৰ লগত?
বিপাশাই কয় যে, ছবিখনত মাধৱনৰ সৈতে চুমা খোৱাৰ দৃশ্য এটা আছিল। যিটো কৰিবলৈ তেওঁ প্ৰথমতে দ্বিধাবোধ কৰিছিল, কাৰণ মাধৱনৰ পত্নী অভিনেত্ৰীগৰাকীৰ অতি ঘনিষ্ঠ বান্ধৱী আছিল। অৱশ্যে পৰিচালকে বাৰে বাৰে বিপাশাক সন্মতি কৰিবলৈ অনুৰোধ কৰিছিল।
বিপাশাই কয় যে, দৃশ্যটো শেষ কৰি লগে লগে নিজৰ কোঠালৈ গৈছিল। তেওঁ অভিনেতাজনৰ মুখৰ গোন্ধ সহ্য কৰিব পৰা নাছিল। যাৰ ফলত মূৰ ঘূৰোৱাৰ লগতে অসুস্থ হৈ পৰিছিল বিপাশা। কিন্তু কাৰণ আছিল আচৰিত ধৰণৰ, শ্বুটিঙৰ পূৰ্বে মাধৱনে খোৱা খাদ্যত আছিল আচল ৰহস্য।
শ্বুটিঙৰ পূৰ্বে মাধৱনে পিঁয়াজ থকা খাদ্য খাইছিল, যাৰ গোন্ধে বিপাশাক অশান্তি কৰিছিল। যিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কিন্তু আজিও তেওঁলোকৰ সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাছিল। এতিয়াও মাধৱনৰ লগত তেওঁৰ বন্ধুত্ব অক্ষুন্ন আছে, আৰু দুয়ো যোগাযোগ ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















