এই সপ্তাহত মিথুন ৰাশিত অৱস্থান কৰিছে বুধ, সূৰ্য আৰু শুক্ৰই৷ ইয়াৰ ফলত গঠিত হৈছে ত্ৰিগ্ৰহী যোগ, শুক্ৰাদিত্য যোগ আৰু বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি এই সময়ত থাকিব লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱ জ্যোতিষ গণনা অনুসৰি আজি ১৭ জুনৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত প্ৰেমেৰে পৰিপূৰ্ণ হৈ থাকিব ৫ৰাশিৰ জাতক৷ ১৭ জুনৰ পৰা ২৩ জুন পৰ্যন্ত শুভ প্ৰভাৱ পাব ৫ৰাশিৰ জাতকে৷ জানি থওক কোন কোন ৰাশি প্ৰেমেৰে পূৰ্ণ হৈ থাকিব৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই সপ্তাহটো প্ৰেমেৰে পৰিপূৰ্ণ সপ্তাহ হ’ব৷ সপ্তাহৰ আৰম্ভণিতে প্ৰেম জীৱনত সৰু সুৰা সমস্যাই দেখা দিলেও সকলোবোৰ সমস্যা দূৰ হৈ ভাল সময় আৰম্ভ হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷ সম্পৰ্কৰ বান্ধোন আৰু মজবুত হ’ব আপোনালোকৰ মাজত৷
মিথুন ৰাশি
চলিত সপ্তাহত প্ৰেম জীৱনত আনন্দ আৰু অভিজ্ঞতা আহিব৷ সংগীৰ সৈতে শুভ সময় কটাব৷ সপ্তাহৰ আৰম্ভণিতেই সংগীৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি বাঢ়িব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷
কৰ্কট ৰাশি
ভালপোৱাৰ দিশৰ পৰা চলিত সপ্তাহ আনন্দদায়ক হ’ব৷ এই সময়ত আপুনি ধৈৰ্য্য ধৰি কোনো সিদ্ধান্ত লওক৷ এই সিদ্ধান্তৰ শুভ প্ৰভাৱ আপুনি অৱশ্যই লাভ কৰিব৷ এই সময়ত কোনো তৃতীয় ব্যক্তিৰ সহযোগত প্ৰেম জীৱনত বুজাবুজি আৰু বাঢ়িব৷
কন্যা ৰাশি
প্ৰেম জীৱনত যিসমূহ দুখ কষ্ট অন্ধকাৰ সকলো এই সপ্তাহত দূৰ হ’ব৷ চলিত সপ্তাহত সুখ আৰু ভালপোৱা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ শুক্ৰাদিত্য যোগৰ প্ৰভাৱত প্ৰেম জীৱনত কোনো সুখবৰ আহিব৷ এই সপ্তাহত সংগীৰ আৰু কাষলৈ আহিব আপুনি৷
ধনু ৰাশি
১৭ জুনৰ পৰা ২৩ জুনৰ মাজত এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত উজ্জ্বল হ’ব৷ সংগীৰ সৈতে শুভ সময় কটাব এই ৰাশিৰ জাতকে৷ এই সপ্তাহত মন শান্ত থাকিব৷ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আপোনাৰ৷ একেলগে কৰোবাত ফুৰিবলৈকো যাব পাৰে৷ সংগীৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ