অসম লাইভ২৪ঃ শীতকালত বহুতেই গা ধোৱাৰ সমস্যাত ভোগে৷ ঠাণ্ডা পানীৰে গা ধুবলৈ বহুতেই আগ্ৰহো নকৰে৷ ঠাণ্ডা পানী গাত পৰাৰ ভয়ত বহুতেই গা ধুৱাৰ পৰা বিৰতই থাকে৷ কিছু সংখ্যক লোকে আকৌ ঠাণ্ডাৰ দিনতো ঠাণ্ডা পানীত গা ধুবলৈহে আগ্ৰহী৷ শীতকালত গা ধোৱতে বিশেষভাৱে কেইটামান কথাত নজৰ দিব লাগে৷ ঠাণ্ডা পানীৰে গা ধোৱতে বহুতেই পোনতে মূৰত পানী ঢালে৷ এইধৰণে গা ধোৱাটোৱে বিপদ মাতিব পাৰে৷ এই অভ্যাস থাকিলে সতৰ্ক হোৱাটো অতি জৰুৰী৷ কিয়নো শীতকালত হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে৷
প্ৰতিদিনেই মূৰত ঠাণ্ডা পানী ঢালি গা ধুলে হাৰ্ট এটেক বা কাৰ্ডিয়াক এটেকৰ সম্ভাৱনা বাঢ়ি যায়৷ চিকিৎসকৰ মতে ঠাণ্ডা পানী হঠাতে গা বা মূৰত পৰিলে আমাৰ ৰক্তবাহী নলীসমূহ হঠাতে সংকুচিত হৈ পৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়৷ বহু সময়ত ঠাণ্ডা পানীত ডুব মাৰিলেও এই সম্ভাৱনা বাঢ়ি যায়৷ বয়স্ক ব্যক্তি আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে৷ জাৰ্নেল অৱ ফিজিঅলজিত প্ৰকাশিত এক প্ৰবন্ধত উল্লেখ থকা অনুযায়ী ঠাণ্ডা পানীত গা ধোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক৷ হঠাত ঠাণ্ডা পানী শৰীৰত পৰিলে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা বহু বেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ