ST, SC মহিলা উদ্যোগীসকলৰ বাবে বিশেষ সুযোগ আনিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰকল্প আৰম্ভ কৰিবলৈ লৈছে কেন্দ্ৰই৷ সোমবাৰে লোকসভাত এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ তেওঁ কয়, ‘পূৰ্ববৰ্তী প্ৰকল্প বাস্তবায়নৰ অভিজ্ঞতা আৰু বিভিন্ন সমীক্ষাৰ ভিত্তিত এই প্ৰকল্পক নতুনকৈ সজোৱা হৈছে যাতে প্ৰান্তীয় লোক আৰু মহিলা উদ্যোক্তাসকলে আৰু বেছিকৈ এই প্ৰকল্পৰ সুবিধা লাভ কৰে৷
২০১৬ চনত আৰম্ভ হোৱা ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰকল্পৰ মূল লক্ষ্য আছিল ST, SC আৰু মহিলাসকলক উদ্যোগী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সুযোগ দিয়া৷ নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে বেংকৰ পৰা ঋণৰ সুবিধা দিয়াই এই প্ৰকল্পৰ মূল উদ্দেশ্য আছিল৷ বিগত বছৰৰ ৩১ মাৰ্চত এই প্ৰকল্পৰ ম্যাদ শেষ হয়৷ এইবাৰ সেই প্ৰকল্পকেই সংশোধিত ৰূপত আকৌ আৰম্ভ কৰাৰ উদ্যোগ লৈছে কেন্দ্রই৷
এই দিনটোত লোকসভাত এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীয়ে জনাই যে ইয়াৰ পূৰ্বে প্ৰকল্প বাস্তবায়নৰ সময়ত যি অভিজ্ঞতা আৰু সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিল সেইসমূহ চায়েই নতুন প্ৰকল্পৰ খচৰা তৈয়াৰ কৰা হৈছে৷ ইতিমধ্যেই বিভিন্ন সংস্থাই বিশেষকৈ নীতি আয়োগৰ সমীক্ষা আৰু বিশ্লেষণো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁ কয়, কেন্দ্ৰীয় মন্ত্ৰিসভাৰ সন্মুখত এই নতুন প্ৰস্তাৱ পেছ কৰা হ’ব৷ অনুমোদন পালেই সংশোধিত প্ৰকল্প আৰম্ভ কৰা হ’ব৷ যাতে দেশৰ বিভিন্ন প্ৰান্তৰ ST, SC আৰু মহিলা উদ্যোগী আৰু বঢ়োৱাৰ পৰিসৰত উপকৃত হ’ব পাৰে৷
প্ৰথম পৰ্যায়ত ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰকল্পৰ আওতাত ১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ পোৱাৰ সুযোগ আছিল৷ সংশ্লিষ্ট বেংকৰ প্ৰযোজ্য সৰ্বনিম্ন সুদৰ হাৰত এই ঋণ দিয়া হয়৷ ঋণ পৰিশোধৰ বাবে সাত বছৰৰ সময়সীয়া নিৰ্ধাৰিত আছিল আৰু সৰ্বোচ্চ ১৮ মাহ পৰ্যন্ত মোৰোটোৰিয়ামৰ সুবিধাও দিয়া হয়৷ নতুন প্ৰকল্পত ঋণৰ পৰিমাণ বঢ়োৱা হ’ব নে সেই বিষয়ে কৰা প্ৰশ্নত বিত্তমন্ত্ৰীয়ে জনাই যে বিষয়টো এতিয়াও বিবেচনাধীন আৰু চৰকাৰে বিভিন্ন বিষয় পৰ্যবেক্ষণ কৰি আছে৷
আৰু এক প্ৰশ্নৰ উত্তৰত এই প্ৰকল্পত কিয় কেৱল গ্ৰিণফিল্ড বা সম্পূৰ্ণ নতুন উদ্যোগকেই ঋণ দিয়া হ’ব সেই বাখ্যাও দিছে নিৰ্মলাই৷ তেওঁৰ মতে ব্যৱসায় সম্প্ৰসাৰণ বা অন্য ধৰণৰ উদ্যোগৰ বাবে ইতিমধ্যেই চৰকাৰৰ একাধিক ঋণ প্ৰকল্প আছে৷ উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, আৰু স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়াৰ আওতাত ঋণৰ সুবিধা পোৱাৰ কথাও উল্লেখ কৰিছে তেওঁ৷ এই প্ৰসংগত ষ্টাৰ্ট আপ ইণ্ডিয়া প্ৰকল্পৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে৷ যদিও এই প্ৰকল্প মূলত চহৰকেন্দ্ৰীক৷
কেন্দ্ৰৰ মতে সংশোধিত ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰকল্প আৰম্ভ হ’লে প্ৰান্তিয়, ST, SC আৰু মহিলাসকলৰ সন্মুখত নতুন সম্ভাৱনাৰ দুৱাৰ খুলিব৷ বিশেষকৈ গ্ৰামীণ আৰু আধা চহৰাঞ্চলৰ মহিলা আৰু এছ চি- এছ টি উদ্যোক্তাসকলৰ বাবে এক বৃহৎ আৰ্থিক সকাহ হ’ব এই ধনৰাশি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















