ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক! নিষিদ্ধ হ’ল ছোৱেইব আখতাৰসহ ১৬টা পাকিস্তানী ইউটিউব চেনেল
পাকিস্তানৰ বিৰুদ্ধে এইবাৰ ভাৰতে ঘোষণা কৰিলে একপ্ৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত নিষিদ্ধ ঘোষণা পাকিস্তানৰ জনপ্ৰিয় ১৬ টাকৈ ইউটিউব চেনেল। বহুত চাবস্ক্ৰাইবাৰ থকা এই ১৬ টা চেনেল এতিয়ৰ পৰা ভাৰতত চলিব নোৱাৰিব।
ইয়াৰ ভিতৰত আছে পাকিস্তানৰ পূৰ্বৰ জনপ্ৰিয় ক্ৰিকেটাৰ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ খ্যাত ছোৱেইব আখটাৰৰ ইউটিউব চেনেলো। ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ আবেদনৰ পাছতে এইদৰে ইউটিউব চেনেল কেইটা নিষিদ্ধ ঘোষণা কৰা হয়।
নিষিদ্ধ ঘোষণা কৰা ইউটিউব চেনেল কেইটা হৈছে- নিউজ আউটলেট ডন, সামা টিভি, এ আৰ ৱাই নিউজ, বোল নিউজ, ৰাফটাৰ, জিঅ’ নিউজ আৰু ছুনো নিউজৰ ইউটিউব চেনেল। ইয়াৰ লগতে জনপ্ৰিয় সাংবাদিক ইৰছাদ ভাট্টি, আছমা শ্বিৰাজী, উমৰ চিমা আৰু মুনীব ফাৰুকৰ ইউটিউব চেনেলৰ ওপৰতো নিষেধাজ্ঞা আৰোপ। নিষিদ্ধ কৰা আন হেণ্ডেলসমূহৰ ভিতৰত আছে দ্য পাকিস্তান ৰেফাৰেন্স, সামা স্প’ৰ্টছ, উজৈৰ ক্ৰিকেট আৰু ৰাজী নামা।
এতিয়াৰে পৰা এই নিষিদ্ধ ইউটিউব চেনেল কেইটা যদি কোনোবাই চাবলৈ চেষ্টা কৰে তেন্তে এক বিশেষ বাৰ্তা দেখিবলৈ পাব – ‘ৰাষ্ট্ৰীয় নিৰাপত্তা বা জনশৃংখলা সম্পৰ্কীয় চৰকাৰী আদেশৰ বাবে বৰ্তমান এই দেশত এই বিষয়বস্তু উপলব্ধ নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















