আচাৰ্য চাণক্য কৌটিল্য নামেৰেও পৰিচিত৷ চাণক্য কেৱল এজন মহান অৰ্থনীতিবিদেই নহয় তেওঁ এজন দক্ষ ৰাজনীতিবিদ আৰু গভীৰ চিন্তাভাৱনা সম্পন্ন কূটনীতিবিদো আছিল৷ তেওঁৰ নীতিত জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ বাবেই বহু জ্ঞান আছে৷ বিশেষকৈ সম্পদ আৰু সাফল্য সম্পৰ্কিত তেওঁৰ কথাবোৰো সমানভাৱে প্ৰাসংগিক৷ আপুনি যদি বিচাৰে যে জীৱনত কেতিয়াও কোনো আৰ্থিক সংকট নাহক অবিৰামভাৱে অৰ্থ হাতলৈ আহি থাকক তেতিয়া চাণক্যই কোৱা এই ৩ ভুল আপুনিও এৰাই চলা জৰুৰী৷
আলস্য ভাৱ
চাণক্যৰ মতে, যি ব্যক্তিয়ে তেওঁৰ কাম স্থগিত ৰাখে বা এলেহুৱা হৈ কাম পেলায় থয় তেওঁৰ জীৱনত কেতিয়াও কোনো স্থায়ী সম্পদ নাথাকে৷ কঠোৰ পৰিশ্ৰম আৰু সময়ৰ সঠিক ব্যৱহাৰ অৰ্থ উপাৰ্জনৰ মূল চাবিকাঠি৷ যিসকলে ধাৰণা কৰে যে আমি আগলৈ এই কাম কৰিম তেওঁলোকে লাহে লাহে নিজৰ অৰ্থভাণ্ডাৰো হেৰুৱাই থাকে৷
বেয়া লোকৰ সংগ ত্যাগ
চাণক্যই কৈছে যে বেয়া সংগই এজন ব্যক্তিক ভুল পথলৈ লৈ যায়৷ কেৱল অৰ্থৰ ক্ষতিয়েই নকৰে বৰং তেওঁৰ সুনামো নষ্ট কৰে৷ বেয়া লোকৰ সংগত থাকিলে বা বেয়া লোকৰ সৈতে যোগাযোগ ৰাখিলে ব্যয় বৃদ্ধি পায়, ভুল সিদ্ধান্ত লোৱা হয় আৰু বিনিয়োগতো ক্ষতি হয়৷
অৰ্থৰ অপব্যৱহাৰ
যদি আপুনি অৰ্থ উপাৰ্জনৰ পাছত সেই অৰ্থ সঠিকভাৱে ব্যৱহাৰ নকৰে তেতিয়া সেই অৰ্থ শীঘ্ৰেই শেষ হয়৷ চাণক্যৰ বিশ্বাস যে অৰ্থ আৰু বুদ্ধিৰেহে সেয়া ব্যৱহাৰ কৰা উচিত৷ আপুনি যদি ধন অপব্যয় কৰি থাকে বা ভুল বিনিয়োগ কৰে তেতিয়া ধীৰে ধীৰে ব্যক্তি এজন দৰিদ্ৰ হবলৈ ধৰে৷ অৰ্থ উপাৰ্জন কৰা যিমান গুৰুত্বপূৰ্ণ সিমানেই প্ৰয়োজন সেয়া সুৰক্ষিত ৰখাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















