ফেব্ৰুৱাৰী মাহ কুম্ভ ৰাশিৰ বাবে খুবেই শুভ হ’ব৷ এই সময়ত একেলগে বহু গ্ৰহই কুম্ভ ৰাশিত মিলিত হ’ব৷ যাৰ ফলত কিছু ৰাশিৰ জীৱনত কেইবাটাও সালসলনি দেখা পোৱা যাব৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি কুম্ভ ৰাশিত প্ৰথমৰ পৰাই ৰাহু আছে৷ তাতেই শনিৰ চাৰেসাতিৰ প্ৰভাৱো আছে৷ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে বুধ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই সূৰ্য, মঙ্গল আৰু শুক্ৰই ক্ৰমশ এই ৰাশিতে এন্ট্ৰি ল’ব৷ অৰ্থাৎ একে সময়ত চাৰি প্ৰধান গ্ৰহৰ উপস্থিতিয়ে এটা ৰাশিত একাধিক নতুন যোগৰ সৃষ্টি কৰিব৷ জানি থওক কোন কোন ৰাশি লাভৱান হব?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এই সময়ে ইতিবাচক সংকেট কঢ়িয়াই আনিব৷ কামৰ ক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব৷ নেতৃত্ব লোৱাৰ ক্ষমতা বঢ়াৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে নতুন পৰিচয় লাভ কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে ভাল সুযোগ আছে বিনিয়োগৰ৷ পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহে স্বস্তি কঢ়িয়াই আনিব৷ যি কাম দীৰ্ঘদিন ধৰি ৰৈ আছিল সেয়া ধীৰে ধীৰে হোৱা আৰম্ভ কৰিব৷ ৰৈ থকা অৰ্থ উভতাই পাব৷ চাকৰি আৰু ব্যৱসায় দুই স্থানতে লাভৰ সংকেত আছে৷ কোনো ডাঙৰ সামগ্ৰী ক্ৰয় কৰাৰ ইচ্ছা হ’ব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই মাহ বেছ শুভ প্ৰমাণিত হব৷ চৰকাৰী ক্ষেত্ৰৰ সৈতে যুক্ত কোনো সুযোগ সন্মুখত আহিব৷ সেই সুযোগ তেওঁলোকে লাভ কৰিব৷ যিসকলে পৰিশ্ৰম কৰি আছে তেওঁলোকে ভাল ফল পাব৷ আৰ্থিক বিষয়ত পূৰ্বে হোৱা লোকচান এইসময়ত ৰিকভাৰ হব৷ ধৈৰ্য্য আৰু অনুশাসন ৰাখিলে এই সময়ৰ পূৰ্ণ লাভ তুলিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















