• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

11 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

11 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

12 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

13 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

14 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

15 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

16 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

16 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

17 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

18 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

18 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

editor by editor
July 14, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছৰ উপ দলপতি ঘোষণা৷  লোকসভাত এইবাৰৰ বিৰোধী দলপতি হিচাপে ৰাহুলৰ নাম ঘোষণা হোৱাৰ পাছতেই গৌৰৱ গগৈক দ্বিতীয় বাৰৰ বাবে উপদলপতি হিচাপে ঘোষণা কৰা হৈছে৷ ছোনীয়া গান্ধীয়ে ঘোষণা কৰে কংগ্ৰেছৰ উপ দলপতিৰ নাম৷

গৌৰৱ গগৈৰ সফল ৰাজনৈতিক কেৰিয়াৰ

গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। ইয়াৰ পূৰ্বে তেওঁ ২০২০ চনৰ পৰা লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপদলপতি  পদত অধিষ্ঠিত হৈ আছে গৌৰৱ গগৈ। এইবাৰ গৌৰৱ গগৈয়ে যোৰহাটৰ আসনৰ পৰা বিজেপিৰ তপন কুমাৰ গগৈক ১৪৪৩৯৩টা ভোটত পৰাস্ত কৰি লোকসভালৈ গৈছে৷

গৌৰৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱা যোৰহাট সমষ্টিৰ পৰা তেওঁৰ পিতৃও নিৰ্বাচিত হৈছিল। ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাট সমষ্টিৰ সাংসদ হিচাপে আছিল।  তাৰপিছতেই কলিয়াবৰৰ সাংসদ হৈছিল তৰুণ গগৈ। পুত্ৰ গৌৰৱেও ২০১৯ চনত কলিয়াবৰৰ পৰা নিৰ্বাচিত হৈ সাংসদ হিচাপে দিল্লীত ভৰি থৈছে। এ

গৌৰৱ এইবাৰ নিৰ্বাচিত হৈ দিল্লীলৈ যোৱাৰ বাট মুকলি কৰি দিছে যোৰহাটবাসীয়ে। কিন্তু ইয়াৰ পূৰ্বে জানি থওক বিগত কাৰ্যকালত সাংসদ হৈ গৌৰৱে কি কি কৰিলে? সদনত সৰৱ গৌৰৱক অসমৰ এজন যোগ্য প্ৰতিনিধি হিচাপে শাসক-বিৰোধী সকলোৱে স্বীকাৰ কৰে। তেওঁৰ বাকপটুততা আৰু সৰলতাই মানুহৰ মন জয় কৰে সেয়া কোনো কাৰণতে কোনো নুই কৰিব নোৱাৰে।

২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ নিৰ্বাচিত হৈছিল। ২০১৯ৰ ২৩মে’ত আৰম্ভ হোৱা সাংসদৰ কাৰ্যকাল অন্ত পৰে ২০২৪ৰ ১২ফেব্ৰুৱাৰীত। বিগত ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ আছিল ৭৬শতাংশ।  বিগত ৫বছৰীয়া কাৰ্যকালত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল।গৌৰৱ গগৈয়ে ১০ফেব্ৰুৱাৰী ২০২৪ত সদনত শেষৰটো বিতৰ্কত অংশ লৈছিল। ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এই বিৰ্তক কৰিছিল।

গৌৰৱ গগৈয়ে সদনত অংশ লোৱা উল্লেখযোগ্য বিৰ্তকসমূহ হৈছে, ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্ব্যন এক্ট বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিবৰ্তন শীৰ্ষক বিতৰ্ক। ২০২২ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিতৰ্ক,  ৰাজ্যৰ যুৱচামে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, ‘কা’ আন্দোলনত মৃত্যু হোৱা যুৱকৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগত সদনত সৰৱ আছিল গৌৰৱ গগৈ।

২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদনত প্ৰদান কৰা বক্তব্য দেশবাসীয়ে শুনে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ অৰ্থনীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যুক্তিনিষ্ঠ বক্তব্যই ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে এইবাৰ গৌৰৱ কলিয়াবৰত নাই। সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত ভোটৰ জনবিন্যাস সলনি হ’ল। কলিয়াবৰ সমষ্টি লুপ্ত হ’ল। নতুনকৈ সৃষ্টি হ’ল কাজিৰঙা লোকসভা সমষ্টি। সেয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছিল গৌৰৱ গগৈ। এই নিৰ্বাচনী যুঁজ গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰি আকৌ দিল্লীলৈ যাত্ৰা কৰিলে৷ এজন যোগ্য প্ৰতিনিধি সদনলৈ গৈ এক উল্লেখযোগ্য আসন লাভ কৰাৰ লগে লগেই অসম প্ৰদেশ কংগ্ৰেছতো আনন্দৰ পৰিবেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
Next Post
অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

৪৬ বছৰৰ মূৰকত খোল খালে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ,  কি কি আচৰিত সামগ্ৰী উদ্ধাৰ ভিতৰত

৪৬ বছৰৰ মূৰকত খোল খালে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ, কি কি আচৰিত সামগ্ৰী উদ্ধাৰ ভিতৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.