দীৰ্ঘদিন সহবাসৰ পাছত ধৰ্ষণৰ অভিযোগ আনিলে সেয়া গ্ৰাহ্য কৰা নহ’ব৷ এক গোচৰৰ ৰায়ত এই কথা স্পষ্টকৈ জনাইছে ছুপ্ৰিম কৰ্টে৷ শীৰ্ষ আদালতৰ পৰ্যবেক্ষণত বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাসৰ কথাটোক অৱশ্যে বিবেচনা কৰা নাই৷
এই গোচৰৰ উৎপত্তি এক বেংক কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া লিভ ইন পাৰ্টনাৰৰ সৈতে সহবাস আছিল৷ অভিযোগ যে সেই ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি মহিলাৰ সৈতে বছৰৰ পাছত বছৰ ধৰি সহবাস কৰিছিল৷ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বেঞ্চৰ ওচৰত সেই মহিলাৰ অভিযোগ যে দীৰ্ঘ ১৬ বছৰ ধৰি সেই ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি সহবাস কৰি গৈছিল৷
দুই পক্ষৰ বক্তব্য শুনাৰ পাছতেই আদালতে ৰায় দিছে যে, ‘বিবাহৰ প্ৰতিশ্ৰুতি দি ১৬ বছৰ সহবাসৰ পাছত এই কথা মানিব নোৱাৰি৷ ১৬ বছৰ ধৰি এই ঘটনাই ঘটি আহিছে৷ দুই পক্ষৰ সন্মতিতেই সকলো হৈ আছিল৷ যদি ভুৱা প্ৰতিশ্ৰুতি আছিল তেন্তে ১৬ বছৰে কিয় গম নাপালে৷ ১৬ বছৰতো কম সময় নহয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















