পূৰ্বেই ট্ৰাম্পে জনাইছিল, ভেনিজুৱেলাক বছৰৰ পাছত বছৰ শাসন কৰিব পাৰে আমেৰিকাই৷ আৰু এইবাৰ সেই ধাপতেই আৰু এঢাপ আগুৱাই নিজকে ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট হিচাপে ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে৷ দেওবাৰে মাৰ্কিন প্ৰেছিডেণ্টে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে এখন বিশেষ ফটো৷ তাতেই নিজকে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত প্ৰেছিডেণ্ট হিচাপে ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে৷
ট্ৰাম্পৰ এই পোষ্টৰ পাছতেই আকৌ বিতৰ্ক৷ ভেনিজুৱেলাৰ তেল খনিজৰ বাবেই এই এয়াৰষ্ট্ৰাইক আৰু ক্ৰমান্বয়ে মাৰ্কিন পদক্ষেপক লৈ বিশ্বজুৰি চৰ্চা চলিছে৷ বিগত ৩ জানুৱাৰীত ভেনিজুৱেলাই এয়াৰষ্ট্ৰাইক কৰি দেশৰ প্ৰেছিডেণ্ট নিকোলা মাদুৰোক ৰাজধানী কাৰাকাছৰ ছেফ হোমৰ পৰা আনি নিউয়ৰ্কত ৰাখিছে আমেৰিকাই৷ লগত তেওঁৰ পত্নীকো লৈ অনা হৈছে৷ বৰ্তমান মাদক গোচৰসহ একাধিক গোচৰত মাদুৰোক বিচাৰাধীন কৰি ৰখা হৈছে৷ আৰু এইসমূহৰ মাজত ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট হিচাপে নিজকে বহুৱাইছে ডোনাল্ড ট্ৰাম্পে৷
কিয় ভেনিজুৱেলাক নিজৰ দখলত ৰাখিছে ট্ৰাম্পে?
বিশেষজ্ঞই কৈছে বিপুল খনিজ তেলৰ ভাণ্ডাৰ ভেনিজুৱেলা৷ সেই খনিজ তেলতেই নজৰ ট্ৰাম্পৰ৷ ভেনিজুৱেলা এসময়ত বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদনকাৰী দেশ আছিল৷ OPEC অৰ্থাৎ অৰ্গেনাইজেছন অৱ পেট্ৰোলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য৷ OPEC এনে এক জোঁট য’ত বিশ্বৰ ডাঙৰ ডাঙৰ তেল উৎপাদনকাৰী দেশ আছে আৰু যিসকলৰ সিদ্ধান্তই বিশ্বৰ বজাৰত তেলৰ দাম নিৰ্ধাৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰে৷ OPECৰ তথ্য অনুসৰি ভেনিজুৱেলাৰ কাষত বিশ্বৰ সকলোতকৈ বেছি তেল মজুত আছে৷ ইয়াৰোপৰি ভেনিজুৱেলাত আছে সোণৰ খনিও৷ ফলত সকলো মিলি ভেনিজুৱেলাৰ দখল যে আমেৰিকাই নিজৰ ওচৰত ৰাখিব সেয়া পূৰ্বেই স্পষ্ট হৈ আছিল৷ কাৰ্যক্ষেত্ৰতো সেয়ে সেই কামেই কৰিলে ট্ৰাম্পে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















