পুনৰ বাবা ভংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ট্ৰাম্পৰ শুল্ক আৰোপৰ পাছতে আমেৰিকা-এছিয়াত আৰ্থিক সংকট
হোৱাইট হাউছত দিয়া ভাষণৰ সময়ত ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক শুল্কৰ পৰিকল্পনা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ লগতে এছিয়াৰ বজাৰসমূহো তীব্ৰভাৱে হ্ৰাস পায়। যাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
এই ঘোষণাৰ লগে লগে বাবা ভংগাৰ ভৱিষ্যদ্বাণী পুনৰ এবাৰ সঁচা বুলি প্ৰমাণিত হয়। বাব ভাংগাই ২০২৫ চনত বিশ্বীয় অৰ্থনৈতিক মন্দাৱস্থা আৰম্ভ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। সেই ভৱিষ্যদ্বাণী এতিয়া ট্ৰাম্পৰ শুল্ক আৰোপৰ পাছতে সঁচা হোৱাৰ দিশে অগ্ৰসৰ হৈছে।
আমেৰিকাৰ পাৰস্পৰিক শুল্ক আৰোপৰ পাছতে এতিয়া সমগ্ৰ বিশ্বৰ ষ্টক মাৰ্কেটত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আমেৰিকাকে ধৰি এছিয়াৰ শ্বেয়াৰ বজাৰতো নিম্নগামী হোৱা দেখা গৈছে গ্ৰাফ। লগতে, আমেৰিকান ডলাৰৰ বজাৰত ইয়াৰ মূল্য আধা শতাংশ হ্ৰাস পাই ১০৩.৮ হৈছেগৈ।
বিশ্ব বাণিজ্য যুদ্ধৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ ষ্টকো তীব্ৰভাৱে হ্ৰাস পায়। বহু আগশাৰীৰ ষ্টক হ্ৰাস পাইছে এই শুল্ক আৰোপৰ পাছত।
খাৰুৱা তেলৰ বজাৰতো প্ৰভাৱ পৰিছে এই শুল্ক আৰোপৰ পাছত। বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ বেঞ্চমাৰ্ক খাৰুৱা তেলৰ মূল্য ২.০৮ ডলাৰ হ্ৰাস পাই ৬৯.৬৩ ডলাৰ হয়। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ২.০৬ ডলাৰ হ্ৰাস পাই ৭২.৮৯ ডলাৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ