অসম লাইভ২৪ঃ সূৰ্যই এই পৃথিৱীৰ পাৱাৰ হাউছ। এই নক্ষত্ৰ নাথাকিলে পৃথিৱীত মানুহেই নহয় কোনো প্ৰাণৰেই অস্তিত্ব নাথাকিল হেতেন। কিন্তু এনে এদিন আহিব যে পৃথিৱীখনকেই গিলি খাব সূৰ্যই। এই ভয়ংকৰ দিনৰ ইংগিত দিছে বিজ্ঞানীয়ে। কিন্তু এতিয়াই ভয় কৰাৰ কাৰণ নাই এই ঘটনা ঘটিবলৈ আৰু প্ৰায় ৬০০ কোটি বছৰ আছে।
আমেৰিকাৰ ৱাৰউইক বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক বৰিছ জেনছিকে কয়, ‘পৃথিৱীৰ বাবে এটাই দুঃসংবাদ যে সম্ভৱত সূৰ্যই এদিন প্ৰসাৰিত হৈ পৃথিৱীক খাই পেলাব। পৃথিৱী আকৌ জ্বলন্ত অগ্নিপিণ্ডলৈ পৰিণত হ’ব। মান্থলি নোটিচেছ অফ দ্যা ৰয়েল এষ্ট্ৰনমিকেল ছচাইটিত প্ৰকাশিত হৈছে এই তথ্য়।
বিগত ১৭ বছৰ ধৰি গৱেষকে তিনিটা পৃথক পৃথক নক্ষত্ৰক পৰ্যবেক্ষণ কৰিছে। সেই নক্ষত্ৰসমূহৰ ঔজ্জ্বল্যতাৰ কমা-বঢ়া নিৰিক্ষণ কৰিছে। এই নিৰীক্ষণৰ ফলতেই সূৰ্যই এদিন পৃথিৱীক শেষ কৰি দিব সেই কথাও গৱেষণাত লাভ কৰিছে বিজ্ঞানীয়ে।
গৱেষকে জনোৱা অনুসৰি , সৌৰজগতৰ বাকী অংশ বিশেষত মঙল আৰু বৃহস্পতিৰ মাজত অৱস্থিত কিছু গ্ৰহাণু আৰু বৃহস্পতিৰ কেইটামান চন্দ্ৰ বিলুপ্ত হৈ পৰিব পাৰে। গ্ৰহৰ পৰা গ্ৰহাণু, প্ৰৱল অভিকৰ্ষৰ ফলত টুকুৰা টুকুৰ হৈ পৰিব পাৰে। ইয়াৰোপৰি আমাৰ পৃথিৱীৰ উষ্ণতা ভয়াৱহ হাৰত বৃদ্ধি হৈ পৃথিৱী মানুহ থকাৰ অনুপযোগী হৈ পৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ