অনলাইন বেটিং এপৰ মাধ্যমেৰে ধন ঘটাৰ অভিযোগত সুৰেশ ৰায়না আৰু শিখৰ ধাৱানৰ বিৰুদ্ধে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে ইডিয়ে৷ ভাৰতৰ দু্ই প্ৰাক্তন ক্ৰিকেটাৰৰ মুঠ ১১.১৪ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ বৃহস্পতিবাৰে এক চৰকাৰী সূত্ৰক উদ্ধৃতি দি এই বাতৰি সম্প্ৰচাৰ কৰিছে সংবাদ সংস্থা পিটিআইয়ে৷
চৰকাৰী সূত্ৰই পি টি আইক জনাইছে যে আৰ্থিক দুৰ্নীতি দমন আইনৰ আওতাত ধাৱানৰ চাৰে চাৰি কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৰায়নাৰ ৬.৬৮ কোটি টকাৰ মিউচুৱেল ফাণ্ড বাজেয়াপ্ত কৰা হৈছে৷ অভিযোগ অনুসৰি দুই প্ৰাক্তন ক্ৰিকেটাৰে সকলো জানিও ৱান এক্স বেট নামৰ অনলাইন বেটিং এপৰ প্ৰচাৰত অংশ লৈছিল৷
ৱান এক্স বেট এপটোক অবৈধ বুলি ঘোষণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ এই এপৰ প্ৰচাৰমূলক কামত যুক্ত আছিল দেশৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰথম শাৰীৰ তাৰকাসকলে৷ ৱান এক্স বেটৰ সৈতে তেওঁলোকৰ কি চুক্তি হৈছিল? কিমান টকা লৈছিল সেই বিষয়ক লৈ ই ডিয়ে জবাব তলব কৰিছে ২০১১ চনৰ বিশ্বকাপজয়ী দলৰ সদস্য যুৱৰাজ সিঙৰ৷ সেই তালিকাত আছে ৰবিন উথাপ্পা, অভিনেতা চনু চুড৷ ৱান এক্স বেট এপৰ প্ৰচাৰৰ বাবে সম্প্ৰতি তৃণমূলৰ প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰবৰ্তীৰ জৱাবো নথিবদ্ধ কৰিছে কেন্দ্ৰীয় তদন্তকাৰীয়ে৷ দিল্লীত ইডিৰ সদৰ দফতৰত হাজিৰা দিছে অভিনেতা অংকুশ হাজৰাই৷ বলীউডৰ উৰ্বশী ৰৌতেলা এই ৱান এক্স বেট এপৰ ভাৰতীয় এম্বেচাডৰো আছিল৷ বিগত আগষ্টত এবাৰ হাজিৰ হৈছিল ঊৰ্বশী ৰৌতেলা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















