মন ভালে নাই৷ কোনো কাৰণ অবিহনেই মন বেয়া হৈ থাকে৷ কি কাৰণে মন বেয়া নিজেও ধৰিব নোৱাৰে৷ জীৱনলৈ নানান সময় আহে য’ত কোনো কামেই কৰিবলৈ ভাল নলগা হয়৷ নিজৰ মাজতেই সময় কটাবলৈ ইচ্ছা হয়৷ সেই মুহূৰ্তত এক বাক্যৰেই নিজৰ মানসিক অৱস্থা আমি বুজাই দিওঁ যে, মন ভালে নাই৷ এয়া সকলো মানুহৰেই হোৱা সমস্যা৷ কিন্তু এই মুড ডিজঅৰ্ডাৰ এক জটিল ৰোগ৷ মন বেয়া হোৱাটো প্ৰতিদিনৰ সমস্যা আৰু দীৰ্ঘস্থায়ী সমস্যা হলে সেয়া চিন্তাৰ বিষয়৷ কিয় মন ভালে নাই তাৰ নেপথ্যত বিভিন্ন কাৰণ থাকিব পাৰে৷ মনোবিদে কৈছে দৈনিক কিছু অভ্যাস ইয়াৰ বাবে দায়ী৷ পুৱাৰ পৰা নিশালৈকে যি কাম কৰে তাতেই লুকাই থাকে মন বেয়া লগাৰ বীজ৷
কাৰ্টিছল হৰমনৰ অত্যধিক ক্ষৰণ হলেই মন বেয়া লগাৰ সমস্যা বাঢ়ে৷ মানসিক চাপো বাঢ়ে৷ এই হৰমনৰ ক্ষৰণ বেছি হ’ব পাৰে নানান কাৰণত৷ যেনে কম টোপনি, নিচাৰ প্ৰকোপ, বেছিকৈ জাংক ফুড খোৱাৰ অভ্যাস আৰু শৰীৰচৰ্চা একেবাৰেই নকৰা৷ দৈনিক কিছু কামে কাৰ্টিছল হৰমনৰ ক্ষৰণ বঢ়াই দিব পাৰে৷ সেইসমূহৰ বিষয়ে জানি থোৱা জৰুৰী৷
কি কি অভ্যাসৰ কাৰণে মনৰ চাপ বাঢ়ে?
কমকৈ টোপনি মৰাৰ অভ্যাস
অফিচৰ কাম বা ঘৰৰ কামত ব্যস্ত থাকি বা মোবাইল চাই নিশা টোপনি ক্ষতি কৰাৰ অভ্যাস এতিয়া প্ৰায়সকলৰেই দৈনন্দিন অভ্যাসত পৰিণত হৈছে৷ নিশা পৰ্যাপ্ত টোপনি নহ’লে কাৰ্টিছলৰ ক্ষৰণ বাঢ়ি যায় ফলত মানসিক চাপো বাঢ়ে৷ ইয়াৰ সৈতে হৰমনৰ খেলিমেলিৰ কাৰণে নানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷
টোপনিৰ পৰা উঠি বিচনাতে ফোন চোৱাৰ অভ্যাস
পুৱা চকু খুলিয়েই হাতত ফোন তুলি লয়৷ মোবাইল ডাটা অন কৰিলেই আপোনাৰ ফোনত সোমাই হোৱাটছএপ, অফিচৰ মেছেজ, সামাজিক মাধ্যমৰ নটিফিকেছনআ দি৷ এটাৰ পাছত আনটো এপ স্ক্ৰল কৰাটো অভ্যাস৷ ইয়াৰ প্ৰভাৱ মাৰাত্মকভাৱে মস্তিষ্কত পৰে৷ যেনে মানসিক উত্তেজনা বাঢ়ে, আচৰণগত সমস্যাইয়ো দেখা দিব পাৰে৷ টোপনি কম হ’লে কামত উৎসাহ হেৰাই যায়৷
বেছিকৈ কফি খোৱাৰ অভ্যাস
অত্যধিক কেফেইন সেৱনে ষ্ট্ৰেছ হৰমণৰ ক্ষৰণ বঢ়াই দিয়ে৷ ইয়াৰ ফলত টোপনিৰ ব্যাঘাত ঘটে৷ বহুতেই কফি অত্যধিক পৰিমাণে পান কৰে৷ কফি খালে সাময়িকভাৱে সতেজ লাগে ঠিকেই কিন্তু তাৰ ফলত এড্ৰিনালিন হৰমনৰ ক্ষৰণ বাঢ়ি যাব পাৰে যিয়ে সাময়িকভাৱে উত্তেজনাৰ অনুভূতি তৈয়াৰ কৰে৷ বঢ়াই দিয়ে কাৰ্টিছল হৰমনৰ মাত্ৰাও৷ ইয়াৰ পৰা ক্ৰনিক ষ্ট্ৰেছ বা দীৰ্ঘস্থায়ী মানসিক চাপ তৈয়াৰ হব পাৰে৷
জাংক ফুড সেৱন
পুৱাই পুৱাই পুষ্টিকৰ খাদ্যৰ সলনি ভজাপুৰা খাদ্য খোৱা, সমগ্ৰ ক্ষণ কামৰ মাজে মাজে ৰিঞ্জ ইটিং, গধুলি হলেই জাংক ফুড খোৱাৰ অভ্যাসে মানসিক স্বাস্থ্যৰ ক্ষতি কৰে৷ ইয়াৰ পৰা ছডিয়াম পটাছিয়ামৰ ঘাটিয়ে দেখা দিয়ে, ফলত হৰমনৰ গোলমালো আৰম্ভ হয়৷
অপৰিপাটি পৰিবেশ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















