ৰমেশ বিশ্বাসৰ দৰেই ২৭ বছৰ পূৰ্বে 11A নম্বৰ আসনত বহি অলৌকিক ভাৱে প্ৰাণ ৰক্ষা পৰিছিল এই যুৱকৰ
সঁচাকৈয়ে অলৌকিক, প্ৰায় একেই বিমান দুৰ্ঘটনা। একেই আসন নম্বৰ, একেদৰেই প্ৰাণ ৰক্ষা পৰিছিল দুই যুৱকৰ। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত একমাত্ৰ যাত্ৰী হিচাপে প্ৰাণ ৰক্ষা পৰা ৪০ বৰ্ষীয় ৰমেশ বিশ্বাস কুমাৰৰ দৰে আজিৰ পৰা ২৭ বছৰ পূৰ্বেও এগৰাকী যুৱকৰ প্ৰাণ ৰক্ষা পৰিছিল।
আহমেদাবাদ দুৰ্ঘটনাতত ৰমেশৰ প্ৰাণ ৰক্ষা পৰাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে ১৯৯৮ চনৰ থাইলেণ্ডৰ এক বিমান দুৰ্ঘটনাত অলৌকিক ভাৱে প্ৰাণ ৰক্ষা থাই অভিনেতা তথা গায়ক জেমছ ৰুৱাংছাক লয়চুছাক।
জেমছ ৰুৱাংছাক লয়চুছাকৰ কথা ক’বলৈ গ’লে তেওঁ থাইলেণ্ডৰ এজন জনপ্ৰিয় থাই গায়ক আৰু অভিনেতা। ১৯৭৮ চনৰ ৯ মাৰ্চত দক্ষিণ থাইলেণ্ডৰ নাখন ছি থাম্মাৰাটত থাই চীনা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জেমছ ৰুৱাংছাক লয়চুছাকে।
১৯৯৫ চনত সংগীত জগতত প্ৰৱেশ কৰি ৱয়চুছাকে প্ৰথম ষ্টুডিঅ’ এলবাম দাই ভেলা, জেমছ উইথ আৰ এছ প্ৰমোচন মুকলি কৰে আৰু জনপ্ৰিয় হৈ পৰিছিল। বৰ্তমানে লয়চুছাক বিবাহিত লগতে এটি কন্যা সন্তানৰে পিতৃ।
এই লয়চুছাকৰেই ২৭ বছৰ পূৰ্বে আহমেদাবাদৰ দৰেই এক বিমান দুৰ্ঘটনা হৈছিল। কিন্তু অলৌকিক ভাৱে এই দুৰ্ঘটনাত লয়চুছাকৰ জীৱন ৰক্ষা পৰিছিল। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ১৪৬, যাৰ ভিতৰত প্ৰাণ হেৰুৱাইছিল ১০১ জন লোকে।
কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল ৪৫ জন লোক। কিন্তু এই লোক সকলৰো বহুতেই চিৰ জীৱনৰ বাবে ঘূণীয়া হৈছিল। কিন্তু সামান্য আঘাত পাই ৰক্ষা পৰিছিল লয়চুছাক।
তাতোকৈ অলৌকিক, আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা ৰমেশ বিশ্বাসৰ আসনৰ নম্বৰ আছিল 11 A, তেনেদৰে ২৭ বছৰ পূৰ্বৰ থাই বিমান দুৰ্ঘটনাত লয়চুছাকৰো আসনৰ নম্বৰ আছিল 11A।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















