এগৰাকী যুৱকক বিষ খুওৱাৰ অভিযোগ উঠিছে তেওঁৰ প্ৰেয়সী আৰু বান্ধবীৰ বিৰুদ্ধে৷ অভিযুক্ত তৰুণীৰ সৈতে লিখ ইন সম্পৰ্কত থকাৰ সময়ত তেওঁক সোণৰ গহনা আৰু নগদ ধন দিছিল প্ৰেয়সীয়ে৷ সম্পৰ্ক ভাঙি যোৱাৰ পাছতেই সেই সকলোবোৰ সম্পদ উভতাই বিচাৰিছিল যুৱকে৷ যুৱতীয়ে মাতি আনিছিল প্ৰেমিকক সকলোবোৰ উভতাই দিম বুলি৷ তাৰপিছতেই প্ৰেমিক যুৱক উপস্থিত হৈছিল যুৱতীৰ ৰুমত৷
সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি যুৱকে দিছে যুৱতীৰ ৰুমলৈ অহাৰ পাছৰ ঘটনাৰ বিৱৰণ৷ অভিযুক্ত তৰুণী এতিয়া পলাতক৷ সংকটজনক অৱস্থাত থকা তৰুণৰ নাম শৈলেন্দ্ৰ গুপ্তা৷ উত্তৰপ্ৰদেশৰ হামিৰপুৰৰ বাসিন্দা শৈলেন্দ্ৰ এজন মেডিকেল ৰিপ্ৰেজেণ্টিভ৷ সূত্ৰৰ খবৰ অনুসৰি চাৰি বছৰ পূৰ্বৰে পৰা কালিপাহাড়ি এলেকাৰ বাসিন্দা এগৰাকী তৰুণীৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল শৈলেনৰ৷ তাৰপিছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ ইয়াৰপাছতেই দুয়োৱে লিভ ইনত থকাৰ সিদ্ধান্ত লয়৷ হামিৰপুৰতেই এটা ঘৰ ভাড়াত লয় দুয়ো৷
শৈলেন্দ্ৰৰ দাবী, লিভ ইনত থকাৰ সময়ত তৰুণীক লক্ষাধিক টকাৰ সোণৰ গহনা আৰু অনলাইনত চাৰি লাখ টকা দিছিল৷ শৈলেন্দ্ৰৰ অভিযোগ, সকলোবোৰ লোৱাৰ পাছতেই তৰুণীয়ে তেওঁৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে৷ অন্য এজন যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ কথা জানিব পাৰে শৈলেন্দ্ৰই৷ সম্পৰ্ক এনেকৈয়ে শেষ হল শৈলেন্দ্ৰ আৰু যুৱতীৰ৷ তাৰপিছতেই শৈলেন্দ্ৰই সেই ৰুম ত্যাগ কৰে৷
ৰুম ত্যাগ কৰিলেও ৰুমত তেওঁৰ কিছু সামগ্ৰী ৰৈ যোৱাৰ বাবে আনিবলৈ গৈছিল৷ লগতে যুৱতীয় দিয়া সামগ্ৰীও উভতাই বিচাৰিছিল৷ ৰুমলৈ যোৱাৰ সময়তেই শৈলেন্দ্ৰক আক্ৰমণ কৰে যুৱতী আৰু তেওঁৰ তিনি বন্ধুৱে মিলি৷ শৈলেন্দ্ৰক জোৰ কৰি মুখত বিষ বাকী খুৱাই দিয়ে ৪গৰাকীয়ে মিলি৷ আক্ৰমণৰ পাছতেই শৈলেন্দ্ৰক গুৰুতৰ অৱস্থাত পেলাই পলায় যায়৷ চুবুৰীয়াই পৰি থকা দেখা পায় শৈলেন্দ্ৰক হাস্পতালত ভৰ্তি কৰায়৷ তৰুণীৰ বিৰুদ্ধে এতিয়া শৈলেন্দ্রই আৰক্ষীক গোচৰ তৰিছে৷ অভিযুক্ত এতিয়াও পলাতক হৈ আছে যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷ অচিৰেই হত্যাৰ চেষ্টাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ৩গৰাকীক বুলি জনাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যম সূত্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ