• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক ‘বিৰুষ্কা’ৰ প্ৰেমকাহিনী

কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক ‘বিৰুষ্কা’ৰ প্ৰেমকাহিনী

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

18 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

19 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

20 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

20 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

21 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

22 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

24 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক ‘বিৰুষ্কা’ৰ প্ৰেমকাহিনী

editor by editor
November 5, 2023
in ক্ৰীড়া, চিনেমা, জীৱনশৈলী, ভাৰত, লেখা
0
কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক ‘বিৰুষ্কা’ৰ প্ৰেমকাহিনী
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ক্ৰিকেটৰ নতুন ‘ঈশ্বৰ’ জন্মদিন আৰু বিশ্বকাপ, ঠিকেই ৫ নৱেম্বৰ অৰ্থাৎ আজি বিৰাট কোহলীৰ বাৰ্থডে। দেওবাৰে ৩৬ বছৰত ভৰি দিয়ে বিৰাটে। দেওবাৰেই কলকাতাৰ ইডেন গাৰ্ডেন্সত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মেচত নামিছে বিৰাট। ইতিমধ্যেই টছত জিকি ভাৰতীয় দলটোৱে বেটিঙৰ সিদ্ধান্তও লৈছে। বাইছ গজৰ দূৰত্বত বল বেট লৈ বিৰাট নামি পৰিছে। বিৰাটে ওপজা দিনতেই নতুন ৰেকৰ্ড গঢ়ি পেলাব পাৰে বুলিও আশাবাদী প্ৰতিজন ক্ৰিকেটপ্ৰেমীয়েই। ওপজা দিনত চৰ্চালৈ আহিছে বিৰাট। সকলো মিলি বিৰাটৰ এক পৰিপূৰ্ণ জীৱন। দীৰ্ঘকালীন প্ৰেম, বিয়া, সংসাৰ, কেৰিয়াৰ। বিৰাটৰ জন্মদিনত উভতি চোৱা যাওক বিৰুষ্কাৰ কিছু মুহূৰ্ত।

২০১৩ চনত এটা নামী দামী সংস্থাৰ বিজ্ঞাপনত একেলগে অভিনয় কৰিছিল বিৰাট অনুষ্কাই। বিজ্ঞাপনৰ শ্বুটিঙৰ সময়তেই প্ৰথমে দুজনৰ আলাপ। পুৰণা এক সাক্ষাৎকাৰত বিৰাটে জনাইছিল, দক্ষিণ আফ্ৰিকাৰ পৰা তেওঁ তেতিয়া এখন মেচ খেলি আহিছিল। সেই সময়তেই বিৰাটলৈ এক অফাৰ আহে। অনুষ্কাৰ সৈতে এটা বিজ্ঞাপনৰ বাবে তেওঁক বিচৰা হৈছে। অৰ্থাৎ তেওঁ বলীউড অভিনেত্ৰী অনুষ্কাৰ সৈতে অভিনয় কৰিব লাগে। সাক্ষাৎকাৰটোত বিৰাটে কৈছিল, ‘অনুষ্কাৰ নাম শুনি মই প্ৰথমে থতমতেই খাইছিলো। যিহেতু এডটোত অভিনয় কৰিম বুলি কথা দি পেলাইছিলো সেয়ে নিৰ্দিষ্ট সময়ত শ্বুটিঙৰ বাবে উপস্থিত হ’লো। তাত উপস্থিত হৈ মই প্ৰথমে অনুষ্কা ইমান ওখ সেই কথা লক্ষ্যই কৰা নাছিলো। তাৰপিছত মই অনুষ্কাই পিন্ধা হিলযোৰলৈ লক্ষ্য কৰো। লগে লগেই মই তাইক সুধিলো যে ইয়াতকৈ ওখ হিল আৰু নাছিল নেকি? মোৰ প্ৰশ্ন শুনি অবাক হৈ গৈছিল অনুষ্কা। আচলতে তাই হিল পিন্ধাত মই তাইতকৈ চাপৰ হৈ ধৰা দিছিলো।’

বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি বিজ্ঞাপনৰ শ্বুটিঙৰ মাজতেই এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। শ্বুটিং শেষ হোৱাৰ পিছত বিৰাট আৰু অনুষ্কাৰ মাজে মাজে দেখা সাক্ষাৎ হৈ থাকিল। বিৰাটে তেওঁলোকৰ সম্পৰ্কক লৈ এটা পুৰণা সাক্ষাৎকাৰত কৈছিল, ‘আমি সম্পৰ্কক লৈ বেছি খৰধৰো কৰা নাছিলো। মই মনে মনে জানিছিলো যে মই অনুষ্কাৰ সৈতে ডেট কৰি আছো।’ বিৰাট আৰু অনুষ্কা দুয়োৱেই পোনতে এই সম্পৰ্কক গোপনে ৰাখিবলৈকে যত্ন কৰিছিল। পাছলৈ ২০১৪ চনত তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন গুজৱ ভাইৰেল হ’ব ধৰিলে। ২০১৪ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতীয় দলে এখন মেচ খেলি উভতি অহাৰ সময়ত মুম্বাই বিমান বন্দৰত নমাৰ পাছতেই বিৰাটে তেওঁৰ দলৰ পৰা পৃথক হৈ পৰে। মুম্বাইৰ এখন হোটেলত সকলো ক্ৰিকেটাৰক ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সকলো ক্ৰিকেটাৰ সেই হোটেলত থকাৰ সময়ত নাছিল কেৱল বিৰাট। ক’ত হেৰাই গ’ল বিৰাট? কিয় টীমৰ সদস্যৰ সৈতে বিৰাট নাই এই কথাই তেতিয়া সংবাদ শিৰোনামা দখল কৰে।

পাছলৈ সংবাদমাধ্যমৰ কেমেৰাত বন্দী হ’ল বিৰাট। মুম্বাই বিমান বন্দৰলৈ অনুষ্কাই পঠিওৱা এখন বাহনত উঠি বিমান বন্দৰৰ পৰা বিৰাট ওলাই গৈছিল। বিমান বন্দৰত নমাৰ পাছতেই টীম মেম্বাৰসকলক এৰি বিৰাটে অনুষ্কাৰ গৃহলৈ যাত্ৰা কৰিছিল। সেই বৰ্ষৰে ফেব্ৰুৱাৰী মাহত ভাৰত বনাম নিউজিলেণ্ডৰ মেচ চলি থাকোতে বিৰাটে অনুষ্কাক লৈ একলেণ্ডলৈকো গৈছিল। বিৰাট আৰু অনুষ্কাই দুজনেই দুজনৰ হাতত ধৰি ঘূৰি ফুৰা ফটো তেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। তাৰপিছতেই আকৌ সেই বৰ্ষৰে মাৰ্চ মাহত অনুষ্কাৰ শ্বুটিঙ স্থলীলৈকো বিৰাট যোৱা ফটো ভাইৰেল হৈ পৰে। সেই সময়ত অনুষ্কা বম্বে ভেলভেট ছবিৰ শ্বুটিঙত ব্যস্ত আছিল। শ্ৰীলংকাৰ পৰা মুম্বাইলৈ উভতি আহিয়েই অনুষ্কাৰ সৈতে দেখা কৰিবলৈ শ্বুটিঙস্থলীলৈ গৈছিল বিৰাট। তাৰ ঠিক এমাহ পাছত জোধপুৰৰ বিমানবন্দৰত একেলগে দেখা গৈছিল বিৰাট-অনুষ্কাক।

এনএইছ ১০ ছবিৰ বাবে জোধপুৰত থকা অনুষ্কাক লগ কৰিবলৈকে জোধপুৰ পাইছিলগৈ বিৰাট। প্ৰাণৰ প্ৰেয়সীক লগ পোৱাৰ হেঁপাহতেই হঠাৎ জোধপুৰ পাইছিলগৈ বিৰাট। প্ৰায় এবছৰ ধৰি এইদৰে প্ৰেমৰ সম্পৰ্ক চলাই থকাৰ পাছত আইপিএলৰ গেলেৰীতো দৰ্শকৰ আসনত দেখা গৈছিল অনুষ্কাক। এনেকৈয়ে প্ৰেম আগবাঢ়ি থাকিল। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ পোৱামতে সেই সময়ত অনুষ্কাৰ পৰিয়ালৰ সদস্য আৰু বিৰাটৰ পৰিয়ালৰ সদস্যৰ মাজত কথাবতৰা আৰম্ভ হৈছিল। শীঘ্ৰেই দুয়োৰে বিবাহৰো দিহা কৰিছিল দুয়োৰে পৰিয়ালে।

২০১৪ চনৰে নৱেম্বৰ মাহত সকলো জল্পনাৰ অন্ত পেলাই প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰে বিৰাট-অনুষ্কাই। নৱেম্বৰ মাহত ভাৰত বনাম শ্ৰীলংকাৰ মেচত শতৰান কৰে বিৰাটে। এই খেলতেই গেলাৰীত ভিআইপি আসনত বহি আছিল অনুষ্কা। চেঞ্চুৰী কোবোৱাৰ পিছত অনুষ্কাক উদ্দেশ্যি ফিল্ডৰ পৰাই ফ্লায়িং কিচ দিয়ে বিৰাটে। এই মেচতেই বিৰাটক ২৬ তম ওপজা দিনৰ শুভেচ্ছা জনাবলৈ আহমেদাবাদলৈ যায় অনুষ্কা। সেই বৰ্ষৰে ডিচেম্বৰত অনুষ্কা-বিৰাটে মুম্বাইৰ অভিজাত এলেকাত এটা বিলাসবহুল ফ্লেট ভাড়াত লয়। একান্ত সময় কটোৱাৰ উদ্দেশ্যেৰেই এই ঘৰ ভাড়াত লৈছিল দুয়োৱে। তেতিয়ালৈকে দুয়োৰে সম্পৰ্কৰ কথাবোৰ ভাইৰেল হৈ পৰিছিল। মুকলিকৈ অনুষ্কাই বিৰাটৰ পাৰ্ফৰমেন্সক প্ৰশংসা কৰাও আৰম্ভ কৰিছিল। আনকি অনুষ্কাৰ নতুন ছবি মুক্তি পালে সামাজিক মাধ্যমত বিৰাটেও পোষ্ট কৰা আৰম্ভ কৰিছিল।

প্ৰেম চলি থাকিল। ২০১৫ চনৰ এপ্ৰিল মাহত বিৰাট আৰু অনুষ্কাই তেওঁলোকৰ সম্পৰ্কৰ বাবেই কটাক্ষৰো চিকাৰ হয়। ক্ৰিকেট অনুৰাগীসকলৰ দাবী যে, অনুষ্কাৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ বাবেই বিৰাটে খেলত মন দিব পৰা নাই। এই বিষয়টোক লৈ প্ৰতিবাৰ কৰি উঠে বিৰাটে। বিৰাট আৰু অনুষ্কাৰ মাজত অনুৰাগীৰ মন্তব্যসমূহক লৈয়েই ভুল বুজাবুজিও হয়। কাজিয়া ইমানেই বাঢ়ি যায় যে অনুষ্কা আৰু বিৰাটে এটাই আনটোক ইনষ্টাগ্ৰামৰ পৰা আনফল’ কৰি দিয়ে। এজনে আনজনক আনফল’ কৰাক লৈ বহুতৰেই মন্তব্য আছিল যে, অনুষ্কা আৰু বিৰাটৰ সম্পৰ্কত দূৰত্ব আহিল। কিন্তু বিচ্ছেদৰ চৰ্চা ঠেলি আকৌ একেলগে দেখা গ’ল বিৰাট-অনুষ্কাক। দেশ বিদেশৰ বিভিন্ন প্ৰান্তত দুয়ো আকৌ একেলগে ফুৰিবলৈ আৰম্ভ কৰিলে। ক্ৰিকেটৰ পৰা শ্বুটিং সকলোস্থানতেই দুয়ো একেলগে যোৱাৰ দৃশ্য বাৰে বাৰে কেমেৰাত বন্দী হ’বলৈ ধৰিলে।

লোকচক্ষুৰ পৰা আঁতৰত ২০১৬ চনৰ ডিচেম্বৰ মাহত কোহলি আৰু অনুষ্কাৰ আঙুঠি পিন্ধোৱা পৰ্ব সমাপ্ত হয়। সেই সময়ত দুয়ো উত্তৰাখণ্ডলৈ ফুৰিবলৈকো গৈছিল। সেই সময়ৰ ভাইৰেল খবৰমতে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ এক আশ্ৰমতই বাগদান সম্পন্ন কৰিছিল। অৱশ্যে পিছলৈ এক সাক্ষাৎকাৰত বিৰাটে এই সকলোবোৰ কথা মিছা বুলি জনাছিল। ইয়াৰপাছতেই ২০১৭ চনৰ ১১ ডিচেম্বৰত সাত পাকত বান্ধ খাই অনুষ্কা-বিৰাট। দুই তাৰকাৰ নাম একলগ কৰি অনুৰাগীয়ে নাম দিলে বিৰুষ্কা। ইটালীত পৰিয়ালৰ সদস্যৰ উপস্থিতিত দুয়োৱে বিবাহ সম্পন্ন কৰে। তাৰপিছতেই মুম্বাই আৰু দিল্লীতো এক ৰিছিপশ্ব্যন পাৰ্টী ৰাখে দুয়োৱে।

বিবাহৰ পাছত অনুষ্কাৰ ছবি জগতৰ সৈতে কিছু দূৰত্ব বাঢ়িল। অৱশ্যে বিৰাট ক্ৰিকেটৰ পৃথিৱীত এতিয়াও তাৰকা। বিবাহৰ পাছত সংসাৰ আৰু কেৰিয়াৰক লৈ দুয়ো ব্যস্ত। ২০২১ চনৰ ১১ জানুৱাৰীত এটি কন্যা সন্তানো আহে দুয়োৰে জীৱনলৈ। কন্যা ভামিকাৰ পাছত আকৌ দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত অনুষ্কা। দেওবাৰে বিৰাটৰ ওপজা দিনত অনুষ্কাই ইনষ্টাগ্ৰামযোগে বিৰাটক ওপজা দিনৰ শুভেচ্ছা জনোৱাৰ পোষ্টো ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

এই দুৱাৰেদিয়েই মালিক ওলাই আহিব! মৰ্গৰ দুৱাৰমুখত চাৰিমাহ ধৰি অপেক্ষাত আছে এটা কুকুৰ

এই দুৱাৰেদিয়েই মালিক ওলাই আহিব! মৰ্গৰ দুৱাৰমুখত চাৰিমাহ ধৰি অপেক্ষাত আছে এটা কুকুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.