অসম লাইভ২৪ঃ
আদানীৰ সাম্ৰাজ্যত খহনীয়া হোৱাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে আহিছে আন এটা খবৰ৷
বুধবাৰে পুৱাৰে পৰা শ্বেয়াৰ মাৰ্কেটত আদানী এণ্টাৰপ্ৰাইজৰ উত্থান৷
বুধবাৰৰ দিনটোতেই ১২ শতাংশলৈ উত্থান আদানী এণ্টাৰপ্ৰাইজ৷
আদানীৰ শ্বেয়াৰৰ দাম ৩ হাজাৰৰ পৰা কমিগৈ ১১০০ লৈ নামিছিল৷
বুধবাৰে আদানীৰ শ্বেয়াৰৰ দাম বৃদ্ধি হৈ হৈছেগৈ ২২০০ টকা৷
টুইটাৰত এতিয়া আদানী ট্ৰেণ্ড, প্ৰায়সংখ্যক ইউজাৰকাৰীয়েই লিখিছে, ‘আদানী বেক অন ট্ৰেক’
কেনেকৈ আকৌ আদানীৰ উত্থান ঘটিছে?
হিণ্ডেনবাৰ্গৰ ৰিপৰ্টত আদানী গোষ্ঠীৰ দুৰ্নীতিৰ কথা প্ৰকাশ হোৱাৰ পাছতেই শ্বেয়াৰ মাৰ্কেটলৈ নামি আহিছিল পতন৷
১.৪৪ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল আদানী গোষ্ঠী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ