হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ গ্ৰন্থ হৈছে গীতা। শ্ৰীমদ ভাগৱৎ গীতাই মানুহক সঠিক পথৰ সন্ধান দিয়ে। গীতাৰ জীৱন দৰ্শনে আমাক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকাই। গীতাৰ পৰা প্ৰাপ্ত জ্ঞান যেনেকৈ আমাৰ জীৱনৰ বাবে কাৰ্যকৰী তেনেকৈ মৃত্যুৰ পৰবৰ্তী অৱস্থা কি হ’ব সেই বিষয়েও গীতাই আমাক কৈছে। বিশেষজ্ঞসকলে এইকেইটা কাৰণতেই গীতাক জীৱনৰ শ্ৰেষ্ঠ আৰু সৰ্বোচ্ছ ধৰ্ম বুলি দাবীও কৰে।
মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে নিজৰ আত্মীয়সকলৰ ওপৰত অস্ত্ৰচালনা কৰিবলৈ মন কৰা নাছিল তৃতীয় পাণ্ডৱ অৰ্জুনে। সেই সময়ত প্ৰিয় সখা অৰ্জুনক মনৰ সকলো সংশয় দূৰ কৰিবলৈ জীৱন দৰ্শনৰ বিশেষ শিক্ষা দিছিল শ্ৰী কৃষ্ণই। গীতাত কৃষ্ণই এইসমূহ ব্যক্তিৰ কথা কৈছে যিসকলক নানান বিপদৰ পৰা ৰক্ষা কৰিবলৈ কেনেকৈ ঈশ্বৰ আগুৱাই আহিছিল? কিয় ঈশ্বৰ এইসকল লোকক সহায় কৰিবলৈ আগুৱাই আহে সেই কথাও বুজাইছিল শ্ৰী কৃষ্ণই।
গীতাৰ শিক্ষা
গীতাত কোৱা হৈছে যে যিসকল লোকে সকলো সময়তে ভাল চিন্তা কৰি থাকে, মনত ভাল উদ্দেশ্য থাকে, ভগৱানে নিশ্চয় কোনো নহয় কোনো ৰূপ ধৰি তেওঁক সহায় কৰিবলৈ আগুৱাই আহে।
গীতাত শ্ৰীকৃষ্ণই কৈছে, যিসকলে নৈশব্দৰ গুৰুত্ব বুজে, তেওঁ শ্ৰদ্ধা পোৱাৰেই যোগ্য। মাতৃ হওক বা স্ত্ৰী বা প্ৰেমিকা হওক বা ঈশ্বৰ সকলোকে শ্ৰদ্ধা কৰক।
গীতাত শ্ৰী কৃষ্ণই কৈছে, কৰ্ম কৰি যাওক, ফলৰ আশা নকৰিব। তোমাৰ কামৰ ফল তুমি পাবাই।
ব্যক্তিৰ জীৱনত যেতিয়ালৈকে বেয়া সময় নাহে তেতিয়ালৈকে তেওঁ নিজৰ শক্তিক চিনি নাপায়। কাৰণ দুৰ্ভাগ্যইহে এজন মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে।
আপুনি যিমানেই অন্যৰ প্রশংসা নকৰক কিয়, অপমান কিন্তু ভাৱিচিন্তিহে কৰিব। কাৰণ অপমান হৈছে এনে এটা ঋণ যি ঋণ মানুহে সুযোগ পালেই সুদেৰে সৈতে আপোনাক উভতাই দিয়ে।
শ্ৰী কৃষ্ণই কৈছে যে অহংকাৰেই এজন মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে। অহংকাৰৰ কাৰণেই মানুহে ভুল পদক্ষেপ লৈ তাৰ প্ৰতিফলো ভোগ কৰে।
গীতাৰ বাণী অনুসৰি প্ৰত্যেক মানুহেই নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। কাৰণ আমি যদি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰো তেতিয়াই আমাৰ মনেই আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ