অসম লাইভ ২৪ঃ আপুনি অত্যাধিক ঘামে নেকি? ঘামিলে আপুনি অস্বস্তি অনুভৱ কৰে নিশ্চয়। কিন্তু আপুনি জানে নে আপোনাৰ শৰীৰৰ ঘামৰ জৰিয়তে আপুনি ঢনাধ্য ব্যক্তিলৈ ৰূপান্তৰ হ’ব পাৰে। ব্যক্তিৰ ঘামৰ পৰা উৎপাদন কৰা হয় বৈদ্যুতিক শক্তি। ইউনিভাৰচিটী অৱ কেলিফৰ্নিয়াৰ গৱেষকে উদ্ভাৱন কৰি উলিয়াইছে এনে এক যন্ত্ৰ। যাৰ জৰিয়তে ব্যক্তিৰ শৰীৰত নিঃসৰিত ঘামৰ দ্বাৰা উৎপাদন কৰিব পৰা হয় বিজুলী। হাতৰ আঙুলীত এই যন্ত্ৰ সংযোগ কৰি বিজুলী উৎপাদন কৰা হয়। মোবাইল ফোন পৰ্যন্ত চাৰ্জ দিব পৰা যায় এই পদ্ধতিৰ দ্বাৰা। সম্প্ৰতি নিম্নমানৰ পাৱাৰ জেনেৰেট কৰিব পৰা যায় যদিও ভৱিষ্যতে অধিক ক্ষমতাসম্পন্ন যন্ত্ৰ তৈয়াৰ কৰিব বুলি প্ৰকাশ কৰিছে গৱেষকসকলে। এটা কেমিকেল ছেঞ্চৰ আৰু এখন কম ক্ষমতাসম্পন্ন স্ক্ৰীনৰ সহায়ত এই ফিংগাৰ চাৰ্জাৰ তৈয়াৰ কৰিছে গৱেষকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ