অসম লাইভ ২৪ঃ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰশাসনে শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে।মুঠ ১৩৩ টা স্থানত পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। পুৱাৰে পৰা ৰাইজে ভিৰ কৰিছে পাচলি বিক্ৰী কেন্দ্ৰসমূহত। প্ৰশাসনে নির্ধাৰণ কৰি দিছে পাচলিৰ মূল্য। নির্ধাৰিত দৰ অনুসৰি জিকা প্ৰতি কেজিত ৪৫ টকা, জালি কোমোৰা ৪০ টকা, পটল ৪০ টকা, লেচেৰা ৪৫ টকা, তিতা কেৰেলা ৪৫ টকা, ৰঙালাও ২৫ টকা, ভেন্দি ৪০ টকা, বন্ধাকবি ৩৫ টকা, মূলা ৪০ টকা, কেঁচা জলকীয়া ৬৫, গাজৰ ৯৫ টকা, ফ্ৰেন্স বিন ৯৫ টকা, ভোল ৩৫ টকা, তিয়ঁহ ৩৫ টকা, পানীলাউ ৪০ টকা, মটৰ ৯০ টকা, বেঙেনা ৪৫ টকা, ভাতকেৰেলা ৫০, কেপচিকাম ৯০ টকা, ওলকবি ৪৫ টকা, আলু ৩০ টকা, বিলাহী ৫৫ টকা, কচু ৪০ টকা, ধুন্দুলী ৩০ টকা, ধনিয়া প্ৰতিমুঠি ৫ টকা, নেমু প্ৰতিটোত ৫ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ