অসম লাইভ২৪ঃ কেৱল ইজৰাইলৰ অধিকৃত পেলেষ্টাইন ভূখণ্ডই নহয়, সমগ্ৰ বিশ্বজুৰি আধিপত্য চলোৱাৰ সপোন আছে হামাছৰ। গাজাত যুদ্ধ চলি থকাৰ সময়তে এই দাবী কৰিছে পেলেষ্টানীয় সশস্ত্ৰ গোষ্ঠীৰ শীৰ্ষস্থানীয় নেতৰা তথা অন্যতম প্ৰতিষ্ঠাতা মাহমুদ আল-জহৰে। এটা ভিডিঅ’ বাৰ্তাযোগে ৭ অক্টোবৰত ইজৰাইল ভূখণ্ডত আক্ৰমম চলাইছিল হামাছ নেতা তথা পেলেষ্টাইন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জহৰে। জহৰে বৃহস্পতিবাৰে এই সন্দৰ্ভত কয়, ‘ইজৰাইলেই এতিয়াৰ লক্ষ্য। কিন্তু ইজৰাইলৰ কেৱল একমাত্ৰ লক্ষ্য নহয়। আমাৰ সপোন এয়াই যে আমি আমাৰ দখললৈ একাধিক দেশ আনিম। এদিন সমগ্ৰ বিশ্বত আমাৰ শাসন চলিব।’
১৯৮৭ ৰ ১৪ ডিচেম্বৰত পেলেষ্টাইনৰ নেতা শেখ আহমেদ ইয়াছিনৰ নেতৃত্বত আত্মপ্ৰকাশ কৰিছিল ‘হাৰাকাত আল-মুকাওয়ামা আল ইছলামিয়া’ চমুকৈ হামাছে। হামাছ গঠনত ইয়াছিনৰ প্ৰধান সহযোগী আছিল আব্দেল আজিজ আল ৰাণতিছি আৰু মাহমুদ আল-জহৰে। ২০০৪ চনত ইজৰাইলৰ ৰকেট আক্ৰমণত ইয়াছিন আৰু ৰাণতিছি নিহত হয়। প্ৰতিষ্ঠাতাসকলৰ ভিতৰত এতিয়া কেৱল জহৰেই জীৱিত অৱস্থাত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ