আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ
মঙলবাৰে গভীৰ নিশা ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। ইয়াৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাৰতে এই আক্ৰমণৰ নাম ৰাখে অপাৰেচন সিন্দূৰ।
সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে ভাৰতৰ বিমান আক্ৰমণত বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল আত্মঘাতী ড্ৰোন। এই ড্ৰোণক কামিকাজে ড্ৰোন আৰু এল এম এছ (Loitering Munition Systems) বুলিও কোৱা হয়।
এই আত্মঘাতী ড্ৰোন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধতো কেইবাবাৰো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বহু ছবিও ভাইৰেল হৈ পৰিছিল। ইয়াক গেম ছেঞ্জাৰ বুলিও কোৱা হয়।
এইবোৰ সাধাৰণতে দেখা পোৱা ড্ৰ’নবোৰৰ পৰা পৃথক। এইবোৰ বিশেষভাৱে শত্ৰুৰ ওপৰত আক্ৰমণৰ বাবে ডিজাইন কৰা হৈছে। এই ড্ৰোণে অস্ত্ৰ লৈ শত্ৰুৰ স্থানত উপনীত হয় আৰু লক্ষ্য নিৰ্ধাৰণ নোহোৱালৈকে ঘূৰি থাকে। আৰু যেতিয়া শত্ৰুৰ লক্ষ্য নিৰ্ধাৰণ হয় , তেতিয়া ই তাতেই বিস্ফোৰণ ঘটায়।
এবাৰ এই ড্ৰোণ এৰি দিয়াৰ পিছত নিয়ন্ত্ৰণকাৰীয়ে ড্ৰোণখন ডাইভাৰ্ট কৰিব পাৰে বা আনকি বাতিলো কৰিব পৰা ব্যৱস্থা আছে।
আত্মঘাতী বিস্ফোৰক কঢ়িয়াই নিয়া আৰু লক্ষ্যত উপনীত হোৱাৰ পিছত বিস্ফোৰণ হোৱাৰ বাবেই এই ড্ৰোন আত্মঘাতী তথা ছুইচাইড ড্ৰোণ নামেৰে জনা যায়। ক্ৰুজ মিছাইলৰ দৰেই এইবোৰেও শ শ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















