কিদৰে নিৰ্ণয় কৰা হয় পান কাৰ্ডৰ নম্বৰ, প্ৰতিটো আখৰত নিহিত থাকে বিশেষ অৰ্থ
আধাৰ কাৰ্ড বা ভোটাৰ পৰিচয় পত্ৰৰ দৰে পান কাৰ্ডো (পাৰ্মানেণ্ট একাউণ্ট নম্বৰ) এক অতি গুৰুত্বপূৰ্ণ নথি, যি আয়কৰ বিভাগে প্ৰদান কৰে। ইয়াত জন্ম তাৰিখ, স্বাক্ষৰ, পিতৃৰ নামৰ লগতে কৰদাতাৰ নাম আৰু ফটোৰ দৰে সবিশেষ তথ্য সন্নিবিষ্ট কৰা থাকে।
এই বিশেষ পৰিচয় পত্ৰত ১০টা আখৰ আৰু সংখ্যাৰ সংমিশ্ৰণেৰে গঠিত এটা নম্বৰো দিয়া থাকে, যিটো একেবাৰে অনন্য। সকলোৰে পান কাৰ্ড নম্বৰ ইজনে সিজনৰ পৰা পৃথক। ইয়াৰ জৰিয়তে আয়কৰ বিভাগে ব্যক্তিজনৰ কৰ সম্পৰ্কীয় কাম-কাজ অনুসৰণ কৰে।
পাছে কিদৰে নিৰ্ণয় কৰা হয় এই পান নাম্বাৰ ! এই নিৰ্দিষ্ট সংখ্যাত প্ৰথম তিনিটা ইংৰাজী বৰ্ণৰ ডাঙৰ বৰ্ণৰ, যেনে AAA বা ZZZ থাকে বুলি থাকে।
আনহাতে চতুৰ্থ আখৰটোৱে কৰদাতাৰ মৰ্যাদাক প্ৰতিনিধিত্ব কৰে যেনে P for Individual, C for Company, H for Hindu Undivided Family আৰু যদি চতুৰ্থ আখৰটো ‘F’, তেতিয়া ইয়াৰ পৰা বুজা যায় যে কৰদাতাজন এটা প্ৰতিষ্ঠান।
ইয়াৰ উপৰিও চৰকাৰৰ বাবে G, পাব্লিক লিমিটেডৰ বাবে L, কৃত্ৰিম ন্যায়িক ব্যক্তিৰ বাবে J আৰু ট্ৰাষ্টৰ বাবে T ব্যৱহাৰ কৰা হয়।
ইয়াৰ পিছত পান কাৰ্ডৰ ৫ম বৰ্ণ’a কৰদাতাৰ উপাধিৰ প্ৰথম আখৰ। ইয়াৰ পিছত লিখা চাৰিটা সংখ্যা ‘০০০১’ৰ পৰা ‘৯৯৯৯’ৰ ভিতৰৰ যিকোনো সংখ্যা হ’ব পাৰে। তাৰ পিছত শেষত পুনৰ এটা ইংৰাজী বৰ্ণমালাৰ আখৰ থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















