মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ দৰে সমস্যা হয়। যাৰ বাবে মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই।
উপশমৰ উপায়
- মাহেকীয়াৰ সময়ত গৰম পানী খোৱা অভ্যাস কৰিব লাগে। আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।
- মাহেকীয়াৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প।
- অসহ্যকৰ বিষৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো কঠিন হৈ পৰে। গতিকে এই বিষৰ পৰা সকাহ পাবলৈ এচামুচ মৌ আৰু আদাৰ ৰস মিহলাই একেলগে খাব লাগে। ইয়াৰ পৰাও আৰাম পাব পাৰে।
- ঘি গৰম পানীত মিহলাই খালেও উপশম পাব পাৰে।
- মাহেকীয়াৰ বিষৰ বাবে কেৱল আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়। ইয়াৰ বাবে মিহিকৈ কটা আদাৰ টুকুৰা আধা গিলাচ পানীত উতলাই লওক। ইয়াত চেনিও দিব পাৰে, যাতে ইয়াৰ সোৱাদ তিতা নহয়।
- মাহেকীয়াৰ বিষৰ বাবে বনৌষধি চাহ অতি উপকাৰী। ইয়াক সেৱন কৰিলে মাহেকীয়াৰ বিষ আৰু অস্বস্তিৰ পৰা সকাহ পোৱা যায়। কেৱল পদিনাৰ চাহেও মাহেকীয়াৰ বিষ বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।
(এই লেখাত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Asom live 24 -এ এইবোৰ নিশ্চিত নকৰে। বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এই কথা অনুসৰণ কৰক।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













