কোন হ’ব ICCৰ বৰ্ষ শ্ৰেষ্ঠ ক্ৰিকেটাৰ, তালিকাত নাই এজনো ভাৰতীয়ৰ নাম
আই চি চিয়ে ২০২৪ বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলেুৱৈৰ বঁটাৰ বাবে ৪ গৰাকী খেলুৱৈৰ নাম চৰ্টলিষ্ট কৰিছে। পাছে এইবাৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ দৌৰত নাই এজনো ভাৰতীয় খেলুৱৈৰ নাম।
এইবাৰ এই বঁটা লাভৰ দৌৰত শ্ৰীলংকা, আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ আছে। ৱানিন্দু হাছাৰাংগা, কুছাল মেণ্ডিছ, আজমাতুল্লাহ ওমৰজাই আৰু শ্বাৰফেন ৰাদাৰফোৰ্ডক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
ৱানিন্দু হাছাৰাংগা (শ্ৰীলংকা)
এদিনীয়া ক্ৰিকেটত এই বছৰটো শ্ৰীলংকাৰ তাৰকা খেলুৱৈ ৱানিন্দু হাছাৰাংগাৰ বাবে অতি স্মৰণীয়। ১৫.৬১ গড়ে ২৬টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও তেওঁ বেটখনেৰে আলোড়নৰ সৃষ্টি কৰিছে। ১৭.৪০ গড়ে ৮৭ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১০১.১৬।
কুছাল মেণ্ডিছ (শ্ৰীলংকা)
এই তালিকাৰ দ্বিতীয় নাম হৈছে শ্ৰীলংকাৰ তাৰকা বেটছমেন কুছাল মেণ্ডিছ। ২০২৪ চনত কুছাল মেণ্ডিছে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এইবাৰ তেওঁ ১৭টা ইনিংছত গড়ে ৫৩.০০ ত ৭৪২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ৯০.৫৯। ডাম্বুলাত নিউজিলেণ্ডৰ বিৰুদ্ধে মেণ্ডিছে ১২৮টা বলত ১৪৩ ৰানৰ ইনিংছ খেলিছিল। এদিনীয়া ক্ৰিকেটত এয়া কুছালৰ সৰ্ববৃহৎ স্ক’ৰ।
শ্বাৰফেন ৰাদাৰফোৰ্ড (ৱেষ্ট ইণ্ডিজ)
টি-২০ ক্ৰিকেটত নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ পিছত শ্বাৰফেন ৰাদাৰফোৰ্ডে এদিনীয়া ক্ৰিকেটত ধুমুহাৰ সৃষ্টি কৰিছে। শ্বাৰফেনে এইবাৰ গড়ে ১০৬.২৫ ত ৪২৫ ৰান সংগ্ৰহ কৰিছে। এইবাৰ ছেইণ্ট কিটছত বাংলাদেশৰ বিৰুদ্ধে ২৯৫ ৰানৰ লক্ষ্য খেদি মাত্র ৮০টা বলতে ১১৩ ৰান সংগ্ৰহ কৰিছিল।
আজমাতুল্লাহ ওমৰজাই (আফগানিস্তান)
আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাইৰ বাবে এই বছৰটো অতি ভাল। তেওঁ ১২ ইনিংছত ৫২.১২ গড়ে ৪১৭ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১০৫.৫৬। ইয়াৰ বাহিৰেও ২০.৪৭ গড়ে ৭টা উইকেট দখল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















